গহপুৰ আৰক্ষীৰ গৰু চোৰৰ বিৰুদ্ধে অভিযান, ৩ টা চুৰি গৰুসহ দুজনক গ্ৰেপ্তাৰ

গহপুৰ আৰক্ষীৰ গৰু চোৰৰ বিৰুদ্ধে অভিযান, ৩ টা চুৰি গৰুসহ দুজনক গ্ৰেপ্তাৰ
Published on
Updated on

ডিজিটেল সংবাদ,ছয়দুৱাৰ: গৰু চোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে গহপুৰ আৰক্ষীয়ে। গহপুৰ মহকুমাৰ অন্তৰ্গত হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় শইকীয়াৰ নেতৃত্বত বৃহস্পতিবাৰে নিশা প্ৰায় ২.৪৫ বজাত গৰু চোৰৰ বিৰুদ্ধে চলায়। অসম অৰুণাচল সীমান্তবৰ্তী ডফলাগড় চাহ বাগিচাৰ পৰা গৰু চুৰি কৰিবলৈ অহা বুলি লাভ কৰা খবৰৰ ভিত্তিত হেলেম আৰক্ষীয়ে চলোৱা অভিযানত দুটা চুৰি গৰু সহ এখন বলেৰ পিক আপ(এএছ ৩২ চি ১৯৭৬) ভান জব্দ কৰিবলৈ সক্ষম হয়।

গৰু চোৰৰ দলটোৱে বাগিচা খনৰ পৰা উক্ত বলেৰ' খনৰ সহায়ত গৰু দুটা চুৰি নিয়া বুলি লাভ কৰা খবৰৰ ভিত্তিত হেলেম আৰক্ষীৰ অভিযান কাৰী দলটোৱে গাড়ীখন পিছ লয়। কিন্তু চোৰৰ দলটোৱে আৰক্ষীয়ে খেদি অহাৰ উমান পাই আপাৰ টুবুং (ইটানগৰ)ত বলেৰ' খন এৰি পলায়ন কৰে। পিছত আৰক্ষীয়ে দুটা চুৰি গৰু সহ বলেৰ খন জব্দ কৰি থানালৈ লৈ আহে।

আনহাতে গহপুৰৰ আৰক্ষী বিষয়া শোভন চন্দ্ৰ দাস আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিৰ নেতৃত্বত কালি নিশা প্ৰায় ২.৩০ বজাত গৰু চোৰৰ বিৰুদ্ধে আন এক অভিযান চলায়। অভিযানত নগাঁও জিলাৰ চামগুৰীৰ দুজন গৰু চোৰক গ্ৰেপ্তাৰ কৰা হয়।

জানিব পৰা মতে, হাৱাজানৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি থকা এখন সন্দেহজনক বলেৰ' পিক আপ ভানক আৰক্ষীৰ দলে ৰ'বলৈ নিৰ্দেশ দিছিল। কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি তীব্ৰ বেগে পাৰ হৈ যায় গাড়ীখন।

পিছত আৰক্ষীয়ে প্ৰায় ২০/২৫ কিলোমিটাৰ দূৰত্ব খেদি গৈ উক্ত সন্দেহজনক বলেৰ' পিক আপ ভান (এএছ ১২ চিচি ৩৪৬৩) এটা চুৰি গৰু সহ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত টকৌবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰিবলৈ সক্ষম হয়।

গাড়ীখনত মুঠ ৪ জন গৰুচোৰ আছিল যদিও ইয়াৰে দুজন চোৰ আন্ধাৰ আৰু বৰষুণৰ সুযোগ লৈ পলায়ন কৰে। আন দুজনে পলাবলৈ চেষ্টা কৰা সময়ত চাহ বাগিচাৰ মাজৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত গৰু চোৰ দুজন হৈছে নগাঁও জিলাৰ চামগুৰী আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰী-বৰমাহৰ আনাৰুল ইছলাম (২২) আৰু চাত্তাৰ আলী(৩৫)।তেওঁলোকক নিশাই গৰু আৰু বলেৰ' সহ গহপুৰ আৰক্ষী থানালৈ লৈ যোৱা হয়।

গহপুৰ আৰক্ষীৰ গৰু চোৰৰ বিৰুদ্ধে অভিযান, ৩ টা চুৰি গৰুসহ দুজনক গ্ৰেপ্তাৰ
কুৱেইটৰ পৰা স্বদেশলৈ অনা হ'ব অগ্নিকাণ্ডত নিহত ভাৰতীয়ৰ মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in