কৃষি কৰ্মৰে বিশ্বৰ বজাৰ দখল কৰিছে মেৰাপানীৰ কৃষকে...

গোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমান্তৰ মেৰাপানী পদুম পথাৰৰ এইসকল যুৱক-যুৱতীয়ে কৃষি কৰ্মৰে সূচনা কৰিছে অৰ্থনৈতিক বিপ্লৱৰ। প্ৰকৃত অসমীয়াগিৰি কৰি পথাৰ আমাৰ, বজাৰ আমাৰ এই শ্লোগানক কাৰ্যকৰী ৰূপ দিছে এইসকল কৃষকে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গোলাঘাট: কোনে কয় অসমীয়া জাতি সোৰোপা! কোনে কয় অসমীয়া যুৱক-যুৱতীয়ে কাম নকৰে! এই অভিযোগক নস্যাৎ কৰি কৃষি কৰ্মৰে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে এদল উদ্যমী যুৱক-যুৱতীয়ে। ১৫০০ উদ্যমী যুৱক-যুৱতীয়ে সংগঠিত ৰূপত কৃষি কৰ্মৰে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।

গোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমান্তৰ মেৰাপানী পদুম পথাৰৰ এইসকল যুৱক-যুৱতীয়ে কৃষি কৰ্মৰে সূচনা কৰিছে অৰ্থনৈতিক বিপ্লৱৰ। প্ৰকৃত অসমীয়াগিৰি কৰি পথাৰ আমাৰ, বজাৰ আমাৰ এই শ্লোগানক কাৰ্যকৰী ৰূপ দিছে এইসকল কৃষকে।

পদুম পথাৰৰ অঞ্জল লিম্বুৰ নেতৃত্বত অঞ্চলটোৰ প্ৰায় ১৫০০ কৃষকে ১৫০০ হেক্টৰ ভূমিত আদা,হালধি, অমিতা, নেমু, ৰঙালাও আদিৰ লগতে অন্যান্য পাচলিৰ খেতি কৰি লাভবান হ'বলৈ সক্ষম হৈছে। ইয়াৰে আদা আৰু হালধি ইতিমধ্যে ৰাজ্যৰ উদ্যান শস্য আৰু খাদ্য সংশাধন বিভাগৰ জৰিয়তে ডুবাইলৈ ১০ মেট্ৰিকটন জৈৱিক আদা আৰু ইয়াৰ পূৰ্বে ২০ মেট্ৰিকটন হালধি চৌদি আৰৱলৈ ৰপ্তানি কৰিছে।

উদ্যান শস্য বিভাগৰ লগতে ৰাজ্যৰ কৃষি বিভাগৰ জৰিয়তে বীজ, সাৰ আদি লাভ কৰিবলৈ সক্ষম হোৱা এই সকল কৃষকে "পদুম পথাৰ এগ্ৰ' অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড" নামেৰে কৃষি ফাৰ্মৰ জন্ম দি অব্যাহত ৰাখিছে কৃষি কৰ্ম। ইয়াৰে কেইবাজনো আগ্ৰহী যুৱকে হিমাচল প্ৰদেশ, চণ্ডীগড়, হায়দৰাবাদ আদিত উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

শেহতীয়াকৈ উদ্যান শস্যৰ বিভাগৰ জৰিয়তে জাৰ্মানী, আমেৰিকা, চৌদি আৰৱ, চিংগাপুৰ আদি দেশলৈ উৎপাদিত ফচল ৰপ্তানিৰ উল্লেখিত কোম্পানীয়ে এক প্ৰাৰম্ভিক চুক্তি সম্পন্ন কৰে। কোম্পানীটোৰ অধ্যক্ষ অঞ্জল লিম্বু, সঞ্চালকদ্বয় সঞ্জীৎ কুমাৰ বিশ্বকৰ্মা আৰু প্ৰদীপ লিম্বু , চি ই অ' অবিনাশ চুব্বাৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লয়। কৰ্ম সংস্কৃতিৰ জৰিয়তে কৃষি বিপ্লৱৰ সূচনা কৰি আত্মনিৰ্ভৰশীল হোৱা এই সকল যুৱক-যুৱতী হওঁক ৰাজ্যৰ নৱ প্ৰজন্মৰ অন্য এক আদৰ্শ ।

মেৰাপানী