ব্যৰ্থ গোলাঘাট বন বিভাগঃ বনৰীয়া হাতীৰ উপদ্ৰৱত জনসাধাৰণৰ হাঁহাকাৰ...

ব্যৰ্থ গোলাঘাট বন বিভাগঃ বনৰীয়া হাতীৰ উপদ্ৰৱত জনসাধাৰণৰ হাঁহাকাৰ...

author-image
Asomiya Pratidin
New Update
ব্যৰ্থ গোলাঘাট বন বিভাগঃ বনৰীয়া হাতীৰ উপদ্ৰৱত জনসাধাৰণৰ হাঁহাকাৰ...

ডিজিটেল সংবাদ, নুমলীগড় : গোলাঘাটৰ শীৰ্ষ বন বিষয়াৰ উদাসীনতাতে বৃহত্তৰ মৰিঙ অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱে চৰম পৰ্যায় পাইছেগৈ। জনসাধাৰণৰ সৈতে সমূলি সম্পৰ্ক নৰখা তথা দায়িত্বৰ প্ৰতি গুৰুত্ব নিদিয়া বন বিভাগৰ একাংশ শীৰ্ষ বিষয়াৰ অকৰ্মণ্যতাতে চহা কৃষক সমাজে নিতৌ হেৰুৱাইছে শ শ বিঘা গেঁৰ ধৰা ধাননি, বাসস্থান তথা জীৱনৰ নিৰাপত্তা। মূলতঃ হাতী-মানুহৰ এক ভয়াৱহ ৰণ-ক্ষেত্ৰলৈ পৰ্যবসিত হৈছে বৃহত্তৰ অঞ্চলটো। কিন্তু কাণসাৰ নাই অসম চৰকাৰৰ বিয়াগোম বন বিভাগটোৰ।

গোলাঘাট বন সংমণ্ডলৰ অন্তৰ্গত মৰঙিৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ বৃহত্তৰ কৃষিভূমি আৰু জনাঞ্চলত দীৰ্ঘদিন ধৰি দৈনিক বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে যদিও এইক্ষেত্ৰত বন বিভাগ একমাত্ৰ গোলাঘাট বন সংমণ্ডলৰ শীৰ্ষ বন বিষয়াৰ উদাসীনতাতে সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ গুৰুতৰ অভিযোগ তুলিছে ভুক্তভোগী জনসাধাৰণে। উল্লেখযোগ্য যে বৃহত্তৰ এলেকাটোত বনৰীয়া হাতীয়ে গৰু-ছাগলিৰ দৰেই দিন-দুপৰতে বিচৰণ কৰিবলৈ লৈছে। পোৱালিসহ এটা বৃহৎ জাকৰ উপৰি আন কেইবাটাও বন্যহস্তীয়ে একে সময়তে ভিন্ন স্থানত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ অঞ্চলটোৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগাত পৰিছে। উপায়ন্তৰ হৈ ৰাইজে হাতে হাতে জুই, জুমুঠি লৈ হাতী খেদিবলৈ ওলাই আহিছে। কিন্তু, ৰাইজলৈ চোঁচা লোৱা হাতীক খেদি পঠিয়াবলৈ ব্যৰ্থ হৈ বিনিদ্ৰ ৰজনী কটাবলগাত পৰিছে সৰ্বসাধাৰণ জনতা। ইপিনে, নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত ঠায়ে ঠায়ে বৈদ্যুতিক ফেন্সিঙৰ ব্যৱস্থা কৰা হৈছে। কিন্তু কাৰ্যত ই সমস্যা অধিক জটিল কৰি তুলিছে। কিয়নো, বহু ক্ষেত্ৰত বনৰীয়া হাতীৰ মুখ্য ক'ৰিড'ৰত এই ফেন্সিং লগোৱাৰ ফলত হাতীয়ে জনাঞ্চললৈৰ মাজেৰেহে অহা-যোৱা কৰিবলৈ লৈছে। পদূলি-চোতাল আদিৰ পৰা দিনে-নিশাই পাৰ হ'ব ধৰিছে।

ফেন্সিং ব্যৱহাৰ হোৱা ঠাইত কিছু পৰিমানে খেতি নষ্ট হোৱা নাই ঠিকেই; কিন্তু, ইয়াৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে বনৰীয়া হাতীয়ে মৰঙিৰ ভিন্ন স্থানৰ ফেন্সিং নথকা হেজাৰ হেজাৰ বিঘাৰ ধাননি বিনষ্ট কৰিছে। তদুপৰি, ঘন জনবসতিপূৰ্ণ এলেকাসমূহলৈকো গতি কৰিছে হাতীৰ জাঁক। উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰৰ পুঁজিৰে মৰঙিৰ ভিন্ন স্থানত বৈদ্যুতিক ফেন্সিঙৰ ব্যৱস্থা কৰা হৈছে যদিও নুমলীগড় শোধনাগাৰটোৰ গাতে লাগি থকা বৃহত্তৰ ৰংবং অঞ্চলত কোনো ধৰণৰ ব্যৱস্থা কৰা হোৱা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ বৃহত্তৰ ৰংবং অঞ্চলৰ কৃষক ৰাইজৰ এডৰাও ধাননি হাতীয়ে বাকী ৰখা নাই।

পূৰ্বতেও হাতীয়ে এই অঞ্চলৰ নিৰ্দিষ্ট হস্তী-দণ্ডীৰে অহা-যোৱা কৰিছিল যদিও কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাছিল। কিন্তু এই বৰ্ষৰ বৃহৎ ক্ষতিৰ ফলত কৃষকসকলৰ মূৰত সৰগ ভাগি পৰিছে। উল্লেখযোগ্য যে যোৱা ১৫টা দিনত বৃহত্তৰ অঞ্চলটোত পোৱালিসহ ১০০-১৫০ বনৰীয়া হাতীৰ এটা বৃহৎ জাকে ৫ নং আৰু ৪ নং ৰংবঙত প্ৰৱেশ কৰি নিশাজোৰা গেঁৰ ধৰা ধাননিৰ বিস্তৰ ক্ষতি কৰে। গুটিবাৰী বনাঞ্চলত আশ্ৰয় লোৱা হাতীৰ জাক সন্ধিয়া নামি অহাৰ লগে লগেই ধাননি পথাৰলৈ ওলাই আহে আৰু এফালৰ পৰা তহিলং কৰে। আনকি, পুৱা পোহৰ হোৱাৰ পিচতো ধাননি এৰি যাব নিবিচাৰে।

আনহাতে, ৩ নং ৰংবং আৰু ১ নং ৰংবং, বুঢ়াগোঁহাইখাট, ধলা-কছাৰি, বকিয়াল, শ্যামৰাইপুৰ, নাৰায়ণপুৰ, মাধৱপুৰকে আদি কৰি অঞ্চলসমূহত যোৱা ১৫টা দিনত শ শ বিঘা ধাননি পথাৰ বিনষ্ট কৰিছে। সম্প্ৰতি বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ হৈ কৃষিজীৱী ৰাইজে ক্ৰমাৎ কৃষিকৰ্মৰ পৰা নিজকে আঁতৰাই অনাৰ ফলত মৰঙি মৌজাখনৰে ২০ হেজাৰ বিঘাতকৈ অধিক কৃষিভূমি চন পৰি ৰৈছে। যিকেইজন সাহসী কৃষকে ধান খেতি কৰিছিল; সেইসকলৰো সম্প্ৰতি পানীত হাঁহ নচৰা অৱস্থা হৈছে। কিন্তু, বন বিভাগৰ লোকে কৃষক ৰাইজক সকাহ দিয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

আনকি, হাতীয়ে প্ৰতিনিয়ত ধাননিৰ বিস্তৰ ক্ষতি কৰি অহাৰ পিচতো বন কৃষকসকলৰ ক্ষয়-ক্ষতিৰ বুজ ল'বলৈকো অকৰ্মণ্য বন বিষয়াৰ আহৰি নাই বুলিও অভিযোগ উঠিছে। নিশা বনৰীয়া হাতী জনাঞ্চল অথবা কৃষিভূমিত প্ৰৱেশ কৰিলে বকিয়াল খণ্ড বন কাৰ্যালয়ৰ নতুনকৈ দায়িত্ব লোৱা ভাৰপ্ৰাপ্ত বিষয়া প্ৰকাশ দাসক ফোন কৰি ভাগৰি যায় যদিও বিষয়া গৰাকীয়ে ফোন নধৰে বুলিও ৰাইজে ক্ষোভ উজাৰে। উল্লেখযোগ্য যে বিজিতৰ পকী ঘৰৰ দেৱালো বনৰীয়া হাতীয়ে ভাঙি দিয়ে।

আজি বৃহত্তৰ অঞ্চলটোৰ ৰাইজে গোলাঘাট বন সংমণ্ডল প্ৰাধিকাৰী সুশীল কুমাৰ ঠাকুৰীয়াৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে গোলাঘাটৰ শীৰ্ষ বন বিষয়াই হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈ পৰা এলেকাৰ সুৰক্ষাৰ বাবে অধিক সংখ্যক বনকৰ্মী মোটায়ন কৰাৰ লগতে পৰ্যাপ্ত পৰিমাণে অস্ত্ৰ-শস্ত্ৰ যোগান দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে; ইয়াৰ ফলত দুৰ্ভোগ ভুগিব লগাত পৰিছে সৰ্বসাধাৰণ ৰাইজ।

ইপিনে, আজি ৰাইজে অতি শীঘ্ৰে বন্যহস্তীৰ দ্বাৰা ক্ষতিগ্ৰস্ত জনসাধাৰণক ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী জনাইছে। একেদৰে, নীতি বহিৰ্ভূতভাৱে যধে-মধে হস্তীদণ্ডীত স্থাপন কৰা বৈদ্যুতিক ফেন্সিং উঠাই নিয়াৰো দাবী জনাইছে ভুক্তভোগী জনসাধাৰণে। আগত সময়ত বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে; সেইয়া হ'ব লক্ষণীয়।

গোলাঘাট বন বিভাগ