ডিজিটেল ডেস্কঃ চুমি বৰাৰ উদয়পুৰৰ ডিষ্টিনেচন গৈ বিপদত পৰিলে আৰক্ষী বিষয়া। চুমি বৰা আৰু তাৰ্কিক বৰাৰ বিয়াত অংশ লোৱা গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাক নিলম্বন কৰা হৈছে।
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে নিলম্বন কৰিলে জিতুমণি ডেকাক। চুমি বৰা আৰু বিশাল ফুকনক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে গোলাঘাট থানাৰ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে।
উল্লেখযোগ্য যে ট্ৰেডিঙত ধন বিনিয়োগ কৰি ৩০ শতাংশ পৰ্যন্ত লাভৰ আশা দেখুৱাই ধন লুণ্ঠন কৰি বিলাসী জীৱন কটোৱা বিশাল ফুকনক আজি পুনৰ ন্যায়ালয়ত হাজিৰ কৰোৱাৰ পিছত ডিব্রুগড়ৰ কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰিছে। ৩দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত আজি আদালতত হাজিৰ কৰোৱা হৈছিল। উল্লেখ্য যে, বিশাল ফুকনৰ সহযোগী চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক ফুকন এতিয়াও পলাতক অৱস্থাত আছে।
Also Read: বালিপৰাৰ চিলনীত ত্ৰয়োদশ বাৰ্ষিক গণেশ চতুৰ্থী উদযাপন