ভাৰতৰ এই ১১টা মন্দিৰত জমা হৈ থকা সোণেৰে দেশবাসীয়ে ৫০০বছৰলৈ ভৰাব পাৰিব তেল...

ভাৰতৰ এই ১১টা মন্দিৰত জমা হৈ থকা সোণেৰে দেশবাসীয়ে ৫০০বছৰলৈ ভৰাব পাৰিব তেল...
Published on
Updated on

ভাৰতবৰ্ষৰ অধিকাংশ লোকেই ধৰ্মপৰায়ণ আৰু ঈশ্বৰবিশ্বাসী বুলি কলেও হয়তো ভুল কোৱা নহব। ভাৰতবৰ্ষৰ এনে বহু বিখ্যাত আৰু পুৰণি মন্দিৰ আছে যিবোৰ মন্দিৰৰ প্ৰতি ভক্তৰ আছে অগাধ বিশ্বাস। ভাৰতবৰ্ষৰ এনে কিছুমান মন্দিৰ আছে যিবোৰ মন্দিৰলৈ বছৰি কোটি কোটি দৰ্শনাৰ্থীৰ আগমন ঘটে। কোটি কোটি দৰ্শনাৰ্থীৰ দান-বৰঙণিৰ পৰাই এনে তীৰ্থস্থানসমূহত বিশাল ধন-সোণ জমা হয়। ভাৰতৰ এনে কেইটামান ধনী, বিখ্যাত আৰু পৌৰাণিক মন্দিৰক লৈ অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন...

ভাৰতবৰ্ষত অলেখ মঠ-মন্দিৰ আছে। ইয়াৰে অধিক সংখ্যক মন্দিৰ কেইবাহাজাৰ বছৰ পুৰণি। ভাৰতৰ সভ্যতা-সংস্কৃতিক বহু পৰিমাণে ধৰি ৰাখিছে এই মঠ-মন্দিৰ সমূহে।কিন্তু বহুসময়ত মঠ-মন্দিৰসমূহৰ বিশাল সা-সম্প্ৰত্তিৰ তালিকাই সৃষ্টি কৰে বিৰ্তকৰ। এক প্ৰতিবেদনৰ তথ্য অনুসৰি দেশৰ মঠ-মন্দিৰ সমূহত বৰ্তমান জমা হৈ থকা সোণৰ পৰিমাণ হৈছে ২০ লাখ টন। আপুনি ভাৱি আচৰিত হ'ব যে, এই সোণখিনিৰ বজাৰ মূল্য হৈছে প্ৰায় ৫০ লাখ কোটি টকা। দেশৰ মঠ-মন্দিৰত জমা হৈ থকা এই বিশাল সোণৰ ভাণ্ডাৰে কি কি কৰিব পৰা যায় কল্পনা কৰকচোন।

এক সংস্থাই প্ৰস্তুত কৰা এখন প্ৰতিবেদনত প্ৰকাশ পাইছে যে, মন্দিৰত জমা হৈ থকা এই সোণেৰে সমগ্ৰ দেশে ৫০০ বছৰ বিনামূলীয়াকৈ বাহনত ভৰাব পাৰিব পেট্ৰ'ল। কেৱল এয়াই নহয় এই ধনৰাশিয়ে ভাৰতৰ সকলো ৰেলযাত্ৰীয়ে ১০০ বছৰো অধিক কাল ৰেল যাত্ৰা কৰাৰ লগতে সম্পূৰ্ণ দেশৰ লোকে ২ বছৰৰ খাদ্য বিনামূলীয়াকৈ খাব পাৰিব।

জানি থোৱা ভাল যে, আমাৰ দেশত এনে কেইটামান মন্দিৰ আছে যে যিকেইটা মন্দিৰৰ মুঠ সম্পত্তিৰ পৰিমাণ দেশৰ সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণতকৈ বেছি। ভাৰতৰ সবাতোকৈ ধনী মন্দিৰৰ তালিকাত শীৰ্ষত আছে তিৰুৱন্তপুৰমৰ পদ্মনাথস্বামী মন্দিৰ। এই মন্দিৰটো কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বৰ ধনী মন্দিৰসমূহত ভিতৰত এটা। এই মন্দিৰটো দ্ৰাবিড় শৈলী বাস্তুকলা আধাৰত নিৰ্মাণ কৰা হৈছে। এই মন্দিৰটো ভগৱান বিষ্ণুৰ ওপৰত সমৰ্পিত। কিছুদিনৰ পূৰ্বে এই মন্দিৰত থকা এটা কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ সোণ-ৰূপৰ আ-অলংকাৰ। অনুমান কৰা হৈছে যে এই মন্দিৰৰ মুঠ সম্পত্তিৰ মূল্য হৈছে প্ৰায় ১ আৰৱ ডলাৰ।

পদ্মনাথস্বামী মন্দিৰ

ধনী মন্দিৰৰ তালিকাত তিৰুপতি মন্দিৰ ভাৰতৰ অন্যতম হিন্দু তীৰ্থ। চেন্নাইৰ পৰা প্ৰায় ১০৮ কিল'মিটাৰ উত্তৰ-পশ্চিমত, পালক'ণ্ডা (ইংৰাজী: Palkonda) পাৰ্বত্যাঞ্চলত তিৰুপতি মন্দিৰ অৱস্থিত। তিৰুপতিক হিন্দু দেৱতা ভেংকটেশ্বৰৰ আবাসভূমি বুলি জনা যায়। তেলেগু ভাষাত 'তিৰু'ৰ অৰ্থ শ্ৰী বা লক্ষ্মী আৰু 'পতি'ৰ অৰ্থ স্বামী; অৰ্থাৎ লক্ষ্মীৰ পতি বিষ্ণু। ইয়াত বিষ্ণুক ভেংকটেশ্বৰ বা বালাজী নামেৰে সম্বোধন আৰু পূজা কৰা হয়। মানুহৰ মুখত তিৰুপতি নামেৰে প্ৰচলিত হ'লেও ই তিৰুমালা-তিৰুপতি দেৱস্থানম নামে প্ৰখ্যাত। কোটি টকাৰ সা-সম্পত্তিৰ উপৰিও এই বিখ্যাত মন্দিৰটোত আছে প্ৰায় ৫২ টন সোণ, যাৰ বজাৰ মূল্য ৩৭,০০০ হাজাৰ কোটি টকা।

তিৰুপতি মন্দিৰ

শিৰডীৰ সাই বাবা মন্দিৰ দেশৰ ধনী মন্দিৰসমূহৰ ভিতৰত আছে অন্যতম। এই সাই বাবা মন্দিৰত প্ৰত্যেকজন ভক্তই হিয়া উজাৰি দান কৰে। প্ৰাপ্ত খবৰ অনুসৰি এই মন্দিৰৰ মূৰ্তি স্থাপন কৰা সিংহাসনখন নিৰ্মিত ৯৫ কেজি সোণেৰে। মন্দিৰৰত ভক্তই দান কৰা ধনৰ পৰিমাণ হৈছে প্ৰায় ১০০ মিলিয়ন।

শিৰডীৰ সাই বাবা মন্দিৰ

ধনী মন্দিৰৰ তালিকাত আছে জম্মু-কাশ্মীৰৰ বৈষ্ণদেৱী মন্দিৰ। তিৰুপতিৰ পাছতে সৰ্বাধিক ভক্তই দৰ্শন কৰা মন্দিৰটোৱেই হৈছে বৈষ্ণদেৱী মন্দিৰ। সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৫,২০০ ফুট উচ্চতাত অৱস্থিত মন্দিৰটোৰ বাৰ্ষিক আয় হৈছে প্ৰায় ৫০০ কোটি টকা। উল্লেখ্য যে, ২০১৯ বৰ্ষত দেশৰ সকলোতকৈ পৰিষ্কাৰ তীৰ্থস্থানৰ ভিতৰত এই মন্দিৰে দখল কৰিছিল তৃতীয় স্থান।

জম্মু-কাশ্মীৰৰ বৈষ্ণদেৱী মন্দিৰ

মুম্বাইত থকা সিদ্ধি বিনায়ক মন্দিৰ হৈছে দেশৰ ধনী মন্দিৰৰ ভিতৰত। এই মন্দিৰত প্ৰতিদিনাই ভিৰ কৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ ভক্তই। ১০০ কোটিৰো অধিক বাৰ্ষিক আয়ৰ সৈতে ১২৫ কোটি টকাৰ জমা ধনৰ সৈতে এই মন্দিৰটো দেশৰ ধনী মন্দিৰ সমূহৰ ভিতৰত অন্যতম।

সিদ্ধি বিনায়ক মন্দিৰ

এয়া হৈছে বিশাল সা-সম্পত্তি থকা দেশৰ সবাতোকৈ ৫ টা ধনী মন্দিৰ। ধনী মন্দিৰসমূহৰ ভিতৰত স্থানত লাভ কৰা আৰু এটা মন্দিৰ হৈছে মাদুৰাইৰ মিনাক্ষী মন্দিৰ। এই মন্দিৰটোৰ বাৰ্ষিক আয় প্ৰায় ৬০ কোটি টকা। এই মন্দিৰ প্ৰতিদিনেই দৰ্শন কৰে ২০ৰ পৰা ৩০ হাজাৰ লোকে।

মাদুৰাইৰ মিনাক্ষী মন্দিৰ

পুৰীৰ জগন্নাথ মন্দিৰো হৈছে ধনী মন্দিৰ সমৃহৰ ভিতৰত এটা। এই মন্দিৰৰ বাৰ্ষিক আয় প্ৰায় ৫০ কোটি। দেশৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত এই মন্দিৰৰৰ যথেষ্ট মান্যতা আছে। এই মন্দিৰৰ ৰথযাত্ৰা সমগ্ৰ বিশ্বতে বিখ্যাত। এই ৰথযাত্ৰাৰ সময়তে ৩০ হাজাৰৰ পৰা ৭০ হাজাৰ লোকে দৰ্শন কৰে মন্দিৰ।

পুৰীৰ জগন্নাথ মন্দিৰ

ধনী মন্দিৰৰ তালিকাত আছে উত্তৰ প্ৰদেশৰ বাৰানসীৰ কাশী বিশ্বনাথ মন্দিৰ। ভগৱান শিৱক আৰাধনা কৰা মন্দিৰ সমূহৰ ভিতৰত কাশী বিশ্বনাথ মন্দিৰ হৈছে এটা প্ৰাচীন মন্দিৰ। বছৰটোৰ শাওন মাহত এই মন্দিৰত ভক্তৰ আগমন বেছি হয়। টু মাই ইণ্ডিয়া নামৰ ৱেবচাইটৰ মতে এই মন্দিৰৰ বাৰ্ষিক আয় প্ৰায় ৪ ৰ পৰা ৫ কোটি টকা।

বাৰানসীৰ কাশী বিশ্বনাথ মন্দিৰ

দেশৰ ধনী মন্দিৰ সমূহৰ ভিতৰত স্থান লাভ কৰা দেশৰ আৰু এটা মন্দিৰ হৈছে অমৃতশ্বৰৰ স্বৰ্ণ মন্দিৰ। প্ৰতিদিনে প্ৰায় ৪০ হাজাৰ দৰ্শনাথীয়ে দৰ্শন কৰে এই স্বৰ্ণ মন্দিৰ। এক তথ্যৰ খবৰ অনুসৰি এই মন্দিৰটো নিৰ্মাণ কৰোতে ব্যৱহাৰ কৰা হৈছে প্ৰায় ৭৫০ কেজি সোণ। এই স্বৰ্ণ মন্দিৰৰ বাৰ্ষিক আয় হৈছে প্ৰায় ৭৫ কোটি টকা।

অমৃতশ্বৰৰ স্বৰ্ণ মন্দিৰ

সাগৰপৃষ্ঠৰ পৰা প্ৰায় ১২,৭৬০ ফুট উচ্চতা অৱস্থিত অনন্তনাগৰ অমৰনাথ মন্দিৰো দেশৰ ধনী মন্দিৰ সমূহৰ ভিতৰত এটা অন্যতম মন্দিৰ। বছৰি লাখ লাখ ভক্তই এই অমৰনাথ মন্দিৰ দৰ্শন কৰাৰ লগতে বহু ভক্তই পৰ্বতৰ গুহাত ধ্যানতো মগ্ন হয়। এই মন্দিৰৰ বাৰ্ষিক আয় হৈছে প্ৰায় ৬ কোটি।

অনন্তনাগৰ অমৰনাথ মন্দিৰ

প্ৰতি দিনেই ভক্তৰ লানি নিছিগা কেৰালাৰ সৰবীমালা মন্দিৰো ধনী মন্দিৰৰ তালিকাত স্থান দখল কৰিছে।প্ৰতি দিনেই হাজাৰ হাজাৰ ভক্তই মনোবাঞ্জা পূৰ্ণ হবৰ বাবে দিয়ে লাখ লাখ টকাৰ দক্ষিণা। প্ৰাপ্ত খবৰ অনুসৰি এই মন্দিৰত ভক্তই দিয়া দান আৰু অন্যান্য দিশৰ পৰা অৰ্থৰে বাৰ্ষিক উপাৰ্জন হৈছে প্ৰায় ২৩০ কোটি।

সৰবীমালা মন্দিৰ

ওপৰত দেশৰ ১০ টা ধনী মন্দিৰৰ থুলমুল আভাস প্ৰদান কৰা হল। ইয়াৰ বাহিৰেও ভাৰতবৰ্ষৰ অন্য সৰু ডাঙৰ মন্দিৰৰ বছৰেকীয়া আয় প্ৰায় ২৮০ লাখ কৌটি টকা এই মন্দিৰসমূহৰ উপাৰ্জনৰ এটা অংশ সামাজিক কামতো ব্যৱহাৰ কৰা হয় যদিও বাৰ্ষিক উপাৰ্জনৰ তুলনাত সেয়া যথেষ্ট নহয়। যি কি নহলেও ভাৰতবৰ্ষৰ দৰে এখন দেশত দৰিদ্ৰতা, নিবনুৱা সমস্যাৰ মাজত মঠ-মন্দিৰ সমূহৰ কোটি কোটি টকাৰ উপাৰ্জনে বিভিন্ন সময়ত বিৰ্তকৰ সৃষ্টি কৰাতে স্বাভাৱিক।শিৰডীৰ সাই বাবা মন্দিৰ দেশৰ ধনী মন্দিৰসমূহৰ ভিতৰত আছে অন্যতম। এই সাই বাবা মন্দিৰত প্ৰত্যেকজন ভক্তই হিয়া উজাৰি দান কৰে। প্ৰাপ্ত খবৰ অনুসৰি এই মন্দিৰৰ মূৰ্তি স্থাপন কৰা সিংহাসনখন নিৰ্মিত ৯৫ কেজি সোণেৰে। মন্দিৰৰত ভক্তই দান কৰা ধনৰ পৰিমাণ হৈছে প্ৰায় ১০০ মিলিয়ন।

শিৰডীৰ সাই বাবা মন্দিৰ

ধনী মন্দিৰৰ তালিকাত আছে জম্মু-কাশ্মীৰৰ বৈষ্ণদেৱী মন্দিৰ। তিৰুপতিৰ পাছতে সৰ্বাধিক ভক্তই দৰ্শন কৰা মন্দিৰটোৱেই হৈছে বৈষ্ণদেৱী মন্দিৰ। সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৫,২০০ ফুট উচ্চতাত অৱস্থিত মন্দিৰটোৰ বাৰ্ষিক আয় হৈছে প্ৰায় ৫০০ কোটি টকা। উল্লেখ্য যে, ২০১৯ বৰ্ষত দেশৰ সকলোতকৈ পৰিষ্কাৰ তীৰ্থস্থানৰ ভিতৰত এই মন্দিৰে দখল কৰিছিল তৃতীয় স্থান।

জম্মু-কাশ্মীৰৰ বৈষ্ণদেৱী মন্দিৰ

মুম্বাইত থকা সিদ্ধি বিনায়ক মন্দিৰ হৈছে দেশৰ ধনী মন্দিৰৰ ভিতৰত। এই মন্দিৰত প্ৰতিদিনাই ভিৰ কৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ ভক্তই। ১০০ কোটিৰো অধিক বাৰ্ষিক আয়ৰ সৈতে ১২৫ কোটি টকাৰ জমা ধনৰ সৈতে এই মন্দিৰটো দেশৰ ধনী মন্দিৰ সমূহৰ ভিতৰত অন্যতম।

সিদ্ধি বিনায়ক মন্দিৰ

এয়া হৈছে বিশাল সা-সম্পত্তি থকা দেশৰ সবাতোকৈ ৫ টা ধনী মন্দিৰ। ধনী মন্দিৰসমূহৰ ভিতৰত স্থানত লাভ কৰা আৰু এটা মন্দিৰ হৈছে মাদুৰাইৰ মিনাক্ষী মন্দিৰ। এই মন্দিৰটোৰ বাৰ্ষিক আয় প্ৰায় ৬০ কোটি টকা। এই মন্দিৰ প্ৰতিদিনেই দৰ্শন কৰে ২০ৰ পৰা ৩০ হাজাৰ লোকে।

মাদুৰাইৰ মিনাক্ষী মন্দিৰ

পুৰীৰ জগন্নাথ মন্দিৰো হৈছে ধনী মন্দিৰ সমৃহৰ ভিতৰত এটা। এই মন্দিৰৰ বাৰ্ষিক আয় প্ৰায় ৫০ কোটি। দেশৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত এই মন্দিৰৰৰ যথেষ্ট মান্যতা আছে। এই মন্দিৰৰ ৰথযাত্ৰা সমগ্ৰ বিশ্বতে বিখ্যাত। এই ৰথযাত্ৰাৰ সময়তে ৩০ হাজাৰৰ পৰা ৭০ হাজাৰ লোকে দৰ্শন কৰে মন্দিৰ।

পুৰীৰ জগন্নাথ মন্দিৰ

ধনী মন্দিৰৰ তালিকাত আছে উত্তৰ প্ৰদেশৰ বাৰানসীৰ কাশী বিশ্বনাথ মন্দিৰ। ভগৱান শিৱক আৰাধনা কৰা মন্দিৰ সমূহৰ ভিতৰত কাশী বিশ্বনাথ মন্দিৰ হৈছে এটা প্ৰাচীন মন্দিৰ। বছৰটোৰ শাওন মাহত এই মন্দিৰত ভক্তৰ আগমন বেছি হয়। টু মাই ইণ্ডিয়া নামৰ ৱেবচাইটৰ মতে এই মন্দিৰৰ বাৰ্ষিক আয় প্ৰায় ৪ ৰ পৰা ৫ কোটি টকা।

বাৰানসীৰ কাশী বিশ্বনাথ মন্দিৰ

দেশৰ ধনী মন্দিৰ সমূহৰ ভিতৰত স্থান লাভ কৰা দেশৰ আৰু এটা মন্দিৰ হৈছে অমৃতশ্বৰৰ স্বৰ্ণ মন্দিৰ। প্ৰতিদিনে প্ৰায় ৪০ হাজাৰ দৰ্শনাথীয়ে দৰ্শন কৰে এই স্বৰ্ণ মন্দিৰ। এক তথ্যৰ খবৰ অনুসৰি এই মন্দিৰটো নিৰ্মাণ কৰোতে ব্যৱহাৰ কৰা হৈছে প্ৰায় ৭৫০ কেজি সোণ। এই স্বৰ্ণ মন্দিৰৰ বাৰ্ষিক আয় হৈছে প্ৰায় ৭৫ কোটি টকা।

অমৃতশ্বৰৰ স্বৰ্ণ মন্দিৰ

সাগৰপৃষ্ঠৰ পৰা প্ৰায় ১২,৭৬০ ফুট উচ্চতা অৱস্থিত অনন্তনাগৰ অমৰনাথ মন্দিৰো দেশৰ ধনী মন্দিৰ সমূহৰ ভিতৰত এটা অন্যতম মন্দিৰ। বছৰি লাখ লাখ ভক্তই এই অমৰনাথ মন্দিৰ দৰ্শন কৰাৰ লগতে বহু ভক্তই পৰ্বতৰ গুহাত ধ্যানতো মগ্ন হয়। এই মন্দিৰৰ বাৰ্ষিক আয় হৈছে প্ৰায় ৬ কোটি।

অনন্তনাগৰ অমৰনাথ মন্দিৰ

প্ৰতি দিনেই ভক্তৰ লানি নিছিগা কেৰালাৰ সৰবীমালা মন্দিৰো ধনী মন্দিৰৰ তালিকাত স্থান দখল কৰিছে।প্ৰতি দিনেই হাজাৰ হাজাৰ ভক্তই মনোবাঞ্জা পূৰ্ণ হবৰ বাবে দিয়ে লাখ লাখ টকাৰ দক্ষিণা। প্ৰাপ্ত খবৰ অনুসৰি এই মন্দিৰত ভক্তই দিয়া দান আৰু অন্যান্য দিশৰ পৰা অৰ্থৰে বাৰ্ষিক উপাৰ্জন হৈছে প্ৰায় ২৩০ কোটি।

সৰবীমালা মন্দিৰ

ওপৰত দেশৰ ১০ টা ধনী মন্দিৰৰ থুলমুল আভাস প্ৰদান কৰা হল। ইয়াৰ বাহিৰেও ভাৰতবৰ্ষৰ অন্য সৰু ডাঙৰ মন্দিৰৰ বছৰেকীয়া আয় প্ৰায় ২৮০ লাখ কৌটি টকা এই মন্দিৰসমূহৰ উপাৰ্জনৰ এটা অংশ সামাজিক কামতো ব্যৱহাৰ কৰা হয় যদিও বাৰ্ষিক উপাৰ্জনৰ তুলনাত সেয়া যথেষ্ট নহয়। যি কি নহলেও ভাৰতবৰ্ষৰ দৰে এখন দেশত দৰিদ্ৰতা, নিবনুৱা সমস্যাৰ মাজত মঠ-মন্দিৰ সমূহৰ কোটি কোটি টকাৰ উপাৰ্জনে বিভিন্ন সময়ত বিৰ্তকৰ সৃষ্টি কৰাতে স্বাভাৱিক।

ভাৰতৰ এই ১১টা মন্দিৰত জমা হৈ থকা সোণেৰে দেশবাসীয়ে ৫০০বছৰলৈ ভৰাব পাৰিব তেল...
ঐতিহ্য, পৰিচয়, মূল্যবোধ আৰু সন্মানৰ এক অন্য ৰূপ নালন্দা বিশ্ববিদ্যালয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in