ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISF ৰ বাবে এটা মহিলা ৰিজাৰ্ভ বেটেলিয়ন স্থাপনত অনুমোদন জনাইছে। সম্পূৰ্ণ মহিলাৰ দ্বাৰা গঠন হ’বলগীয়া এই ৰিজাৰ্ভ বেটেলিয়ন CISF ৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে।
এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃত্বশীল বিষয়াই কয় যে, চলিত সপ্তাহতে আনুষ্ঠানিকভাৱে এই ৰিজাৰ্ভ বেটেলিয়ন গঠনৰ বাবে অনুমোদন জনোৱা হৈছে। এই ৰিজাৰ্ভ বেটেলিয়নত ১,০২৫ গৰাকী সদস্য থাকিব। ইয়াৰ নেতৃত্ব দিব এগৰাকী জ্যেষ্ঠ কামাণ্ডেণ্টে।
ইয়াৰ বাবে ইতিমধ্যে CISF ৰ দিল্লীস্থিত সদৰ দপ্তৰত নিয়োগ আৰু বিশেষ প্ৰশিক্ষণৰ বাবে প্ৰস্তুতি চলিছে। এই বিশেষ ভাৱে প্ৰশিক্ষণপ্ৰাপ্ত মহিলা বেটিলিয়নে ভি আই পি নিৰাপত্তা, বিমানবন্দৰ নিৰাপত্তা আৰু দিল্লী মেট্ৰো ৰে’লৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰিব।
এই সমূহত CISF ৰ মহিলা জোৱানো নিয়োগ হৈ আছে। শেহতীয়াকৈ CISF ৰ এটা সম্পূৰ্ণ মহিলা ৰিজাৰ্ভ বেটেলিয়ন প্ৰতিষ্ঠাৰ প্ৰস্তাৱ CISF- এ নিজেই দাবী কৰিছিল।