শুভেচ্ছাৰ বৰষুণঃ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ৰমেন ডেকালৈ শুভেচ্ছা বাৰ্তা...

শুভেচ্ছাৰ বৰষুণঃ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ৰমেন ডেকালৈ শুভেচ্ছা বাৰ্তা...
Published on
Updated on

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাক শুভেচ্ছাৰে ওপচাই পেলাইছে অসংখ্য় গুণমুগ্ধই। দেওবাৰে পুৱা ভাগতে ৰমেন ডেকাক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ডেকাক শুভেচ্ছা জনাই লিখে, দক্ষতাসম্পন্ন নেতা ৰমেন ডেকাই ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰাক লৈ সুখী অনুভৱ কৰিছো। তেখেতৰ কাৰ্যকুশলতাই আগন্তুক সময়ত জনগণক লাভাম্বিত কৰিব।'

ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰমেন ডেকাক শুভেচ্ছা জ্ঞাপন কৰে। নৱনিযুক্ত ৰাজ্যপাল ডেকাক শুভেচ্ছা জ্ঞাপন কৰি সোণোৱালে কয়- ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ এগৰাকী সন্মানীয় জ্যেষ্ঠ নেতা, দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন সাংসদ শ্ৰী ৰমেন ডেকা ডাঙৰীয়া ছত্তীশগড়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্ত হোৱাৰ শুভক্ষণত তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, কৰ্মকুশলতা আৰু সমৰ্পিত সেৱাই ছত্তীশগড়ৰ সৰ্বাংগীণ উত্তৰণৰ যাত্ৰাক নৱৰূপ দিব বুলি আমি আশাবাদী। এই নতুন কাৰ্যকালৰ প্ৰাকক্ষণত তেখেতক শুভকামনা জ্ঞাপন কৰিছোঁ।

ৰমেন ডেকাক ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ পিছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও সামাজিক মাধ্যমযোগে শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতাক এই গুৰু দায়িত্ব অৰ্পন কৰাক লৈ সুখী বুলি মত ব্যক্ত কৰি আগন্তুক সময়ৰ বাবে শুভকামনা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমাৰ মন্ত্ৰী কিৰেন ৰিজেজুৱেও ৰমেন ডেকা শুভেচ্ছা জ্ঞাপন কৰি কয়- দেশৰ প্ৰতি আপোনাৰ বছৰ বছৰ জুৰি সমৰ্পিত সেৱাই আপোনাক এই গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে প্ৰস্তুত কৰিছে। মই নিশ্চিত যে আপোনাৰ সহানুভূতিশীল নেতৃত্ব আৰু দৃষ্টিভঙ্গীয়ে ছত্তীশগড়ৰ জনসাধাৰণৰ বাবে বিকাশ আৰু সমৃদ্ধি আনিব পাৰিব।

এইদৰে হাজাৰ হাজাৰ শুভাকাংক্ষীৰ লগতে বহু ৰাজনৈতিক নেতা আৰু মন্ত্ৰীয়ে ৰমেন ডেকাক শুভেচ্ছা জ্ঞাপন কৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰঞ্জিত কুমাৰ দাসকে ধৰি প্ৰায় সংখ্যক বিজেপি নেতা-মন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে ৰমেন ডেকাক শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যপালৰ দৰে সন্মানীয় পদবী তথা দায়িত্ব লাভ কৰা ৰমেন ডেকা হৈছে  অষ্টম গৰাকী অসমীয়া। ইয়াৰ পূৰ্বে ১৯৫৮চনত তেতিয়াৰ মাদ্ৰাছ আৰু এতিয়াৰ তামিলনাডুৰ ৰাজ্যপাল হৈছিল বিষ্ণুৰাম মেধি। ১৯৭১চনত দেৱকান্ত বৰুৱা বিহাৰৰ ৰাজ্যপালৰূপে দায়িত্ব লাভ কৰিছিল।

ৰাজ্যপাল হোৱা তৃতীয়গৰাকী অসমীয়া হৈছে ১৯৭৩চনত পাঞ্জাৱৰ দায়িত্ব লাভ কৰা মহেন্দ্ৰ মোহন চৌধুৰী। ইয়াৰ পিছতে হিতেশ্বৰ শইকীয়াই ১৯৮৭চনত মিজোৰামৰ ৰাজ্যপালৰ দায়িত্ব লাভ কৰিছিল। ২০০৮চনত মেঘালয়ৰ ৰাজ্যপাল হৈছিল অসম সন্তান ৰঞ্জিত শেখৰ মুছাহাৰী।

২০০৯চনত বিহাৰ আৰু ২০২৩চনত ত্ৰিপুৰাৰ ৰাজ্যপাল আসন অলংকৃত কৰিছিল দেৱানন্দ কোঁৱৰে। ২০১৫চনত জ্যোতি প্ৰসাদ ৰাজখোৱাক অৰুণাচলৰ ৰাজ্যপাল ৰূপে নিযুক্তি দিয়াৰ পাছত ২০২৪ত ৰমেন ডেকাক প্ৰদান কৰা হল ছত্তীশগড়ৰ ৰাজ্যপালৰ দায়িত্ব।

শুভেচ্ছাৰ বৰষুণঃ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ৰমেন ডেকালৈ শুভেচ্ছা বাৰ্তা...
অসমীয়া ৰাজ্যপাল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in