ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে গুজৰাটৰ আহমেদাবাদত। নিৰ্মীয়মাণ এক অট্টালিকাৰ লিফ্ট খহি মৃত্যুমুখত পৰিছে ৭ জনকৈ শ্ৰমিক। আনহাতে আহত আন এজনৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
গুজৰাটৰ আহমেদাবাদত আজি এটা কেইবামহলীয়া অট্টালিকাৰ লিফ্ট খহি সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল। আনহাতে আৰক্ষীও ঘটনাস্থলীত গৈ উপস্থিত হয়। আৰক্ষীয়ে আহত শ্ৰমিক জনক হাস্পতাললৈ প্ৰেৰণ কৰে। আনহাতে ধ্বংস্তূূপৰ মাজৰ পৰা উদ্ধাৰ কৰা হয় আন ৭ জন শ্ৰমিকৰ মৃতদেহ।
এই কৰুণ ঘটনা সংঘটিত হয় আহমেদাবাদস্থিত গুজৰাট বিশ্ববিদ্যালয়ৰ সমীপত নিৰ্মাণ কাৰ্য চলি থকা এটা অট্টালিকাত। জানিব পৰা মতে অট্টালিকাটোৰ নৱম মহলাত কাম চলি আছিল। শ্ৰমিকসকলে নৱম মহলালৈ লিফ্টৰ জৰিয়তে বিভিন্ন সামগ্ৰী কঢ়িয়াই নিছিল।
আজি পুৱা সংঘটিত হয় এই কৰুণ ঘটনা। পুৱা প্ৰায় ৯-৩০ বজাত তলৰ পৰা নৱম মহলালৈ সামগ্ৰী কঢ়িয়াই নিয়াৰ সময়তেে সপ্তম মহলাৰ পৰা লিফ্টটো খহি পৰে। যাৰ ফলত লিফ্টটোত থকা ৮ জন শ্ৰমিকো সপ্তম মহলাৰ পৰা তলত বাগিৰ পৰে।
এই ঘটনাত থিতাতে নিহত হয় ৭ জন শ্ৰমিক। অতি সংকটজনক অৱস্থাত আছে আন জন শ্ৰমিক। স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।