ডিজিটেল ডেস্ক: কংগ্ৰেছৰ বিশিষ্ঠ নেতা গোলাম নবী আজাদে শুকুৰবাৰে দলৰ প্ৰাথমিক সদস্যৰ লগতে সকলো পদৰ পৰা পদত্যাগ কৰে। কংগ্ৰেছৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা ৫ পৃষ্ঠা যোৰা পদত্যাগ পত্ৰত আজাদে কয় যে এটি গধুৰ মন লৈ তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
তেওঁ কয় যে 'ভাৰত একত্ৰিত যাত্ৰা'ৰ পূৰ্বে 'কংগ্ৰেছ একত্ৰিত যাত্ৰা' উলিয়াব লাগিছিল। আজাদে কয় যে দলত কোনো পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল। কংগ্ৰেছে নিজৰ ইচ্ছা আৰু যুঁজ দিয়াৰ সামৰ্থ্য হেৰুৱাই পেলাইছে বুলি কয় নেতা গৰাকীয়ে ।
গুলাম নবী আজাদে তেওঁৰ পত্ৰত লিখে যে , "দলটোৰ দুৰ্বলতাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ পত্ৰ লিখা ২৩ জন নেতাক দুৰ্ব্যৱহাৰ কৰা হৈছিল, অপমানিত কৰা হৈছিল। কংগ্ৰেছ এতিয়া এনে এক পৰিস্থিতিত উপনীত হৈছে য'ৰ পৰা ঘূৰি আহিব নোৱাৰিব । দলটোৰ সৈতে হোৱা বৃহৎ প্ৰবঞ্চনাৰ বাবে একমাত্ৰ দায়ী শীৰ্ষ নেতৃত্ব"।
কংগ্ৰেছ পদত্যাগ কৰি ৰাহুল গান্ধীকো বিভিন্ন ক্ষেত্ৰত জগৰীয়া কৰে আজাদে। ২০১৪ চনত কংগ্ৰেছ পৰাজয়ৰ মূল কাৰণ ৰাহুল গান্ধী বুলি উল্লেখ কৰে আজাদে। তেওঁপত্ৰত লিখে যে , "দুৰ্ভাগ্যবশতঃ, ৰাহুল গান্ধীয়ে ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছত আৰু বিশেষকৈ জানুৱাৰী ২০১৩ ৰ পিছত, যেতিয়া তেওঁক উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল, তেতিয়া বিদ্যমান সমগ্ৰ পৰামৰ্শদাতা যন্ত্ৰটো ধ্বংস কৰা হৈছিল।" আজাদে লগতে কয় যে যে সকলো জ্যেষ্ঠ আৰু অভিজ্ঞ নেতাক এৰি দিয়া হৈছিল আৰু অনভিজ্ঞ একাংশই দলটোৰ কাম-কাজ চলাবলৈ আৰম্ভ কৰিছিল।
ৰাহুল গান্ধীৰ অপৰিপক্কতাৰ উদাহৰণ দি আজাদে কয় যে ছেপ্টেম্বৰ ২০১৩ত, তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে এক অধ্যাদেশ জাৰি কৰিছিল। ৰাহুল গান্ধীয়ে সেই অধ্যাদেশটো সংবাদ মাধ্যমৰ সন্মুখত ফালি পেলাইছিল। ৰাহুলে কৈছিল যে, অধ্যাদেশটো সম্পূৰ্ণ অৰ্থহীন আৰু ইয়াক ফালি পেলাই দিয়া উচিত।" ৰাহুলে নতুন দিল্লীত এখন সংবাদমেলৰ সময়ত এই কথা কৈছিল।
গুলাম নবী আজাদে পত্ৰত এয়াও উল্লেখ কৰে যেতিয়া ছোনিয়া গান্ধীয়ে সীতাৰাম কেশৰীক পদৰ পৰা আঁতৰাই দলৰ অধ্যক্ষপদ গ্ৰহণ কৰিছিল।
আজাদে কয় যে মই মোৰ ৰাজনৈতিক জীৱনত দিন-ৰাতি কাম কৰিছো, কিন্তু যোৱা কেইবা বছৰ ধৰি দলটোৰ ভিতৰত বহু অযোগ্যতা নেতা সোমাইছে।
৫ পৃষ্ঠা যোৰা এই পদত্যাগ পত্ৰত আজাদে কংগ্ৰেছ দল, ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধী সন্দৰ্ভত বহু কথা উল্লেখ কৰে। কংগ্ৰেছৰ দলৰ বহু ভুল দেখুৱাই লগতে তেওঁ ক্ষোভ প্ৰকাশ কৰি এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।
উল্লেখ্য যে, গোলাম নবী আজাদ দলৰ এজন বিশিষ্ট নেতা আছিল। তেওঁ দলটোৰ বিভিন্ন পদত অধিষ্ঠিত হৈ থকাৰ লগতে তেওঁ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
আৰু পঢ়ক: দুদিনীয়াকৈ অনুষ্ঠিত হ'ব গুৱাহাটী জিলা কাৰাটে প্ৰতিযোগিতা…