কংগ্ৰেছ ত্যাগ, গোলাম নবী আজাদে শীঘ্ৰেই গঠন কৰিব নতুন ৰাজনৈতিক দল…

কংগ্ৰেছ ত্যাগ, গোলাম নবী আজাদে শীঘ্ৰেই গঠন কৰিব নতুন ৰাজনৈতিক দল…

author-image
asomiyapratidin
New Update
কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ গোলাম নবী আজাদৰ…

ডিজিটেল ডেস্ক: জ্যেষ্ঠ ৰাজনীতিবিদ গোলাম নবী আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই দলৰ ভিতৰ চৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গোলাম নবী আজাদ কংগ্ৰেছৰ বিভিন্ন পদত অধিষ্ঠিত থকাৰ লগতে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীও আছিল।

দল ত্যাগ কৰাৰ পাছতেই শুকুৰবাৰে আজাদে কয় যে তেওঁ অতি শীঘ্ৰেই নতুন দল গঠন কৰিব আৰু জম্মু কাশ্মীৰৰ পৰাই ইয়াৰ আৰাম্ভণী কৰিব।

সংবাদ মাধ্যমৰ আগত আজাদে কয় যে তেওঁ বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ ৰাষ্ট্ৰীয় দল গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। কিন্তু জম্মু আৰু কাশ্মীৰৰ নিৰ্বাচন সমাগত গতিকে এটা শাখা জম্মু কাশ্মীৰত গঠন কৰিব।

উল্লেখ্য যে, প্ৰাক্তন কংগ্ৰেছী নেতা গৰাকীয়ে বহু অভিযোগ উত্থাপন কৰি অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল। কংগ্ৰেছ দলৰ দুৰ্বল অৱস্থাৰ বাবে তেওঁ ৰাহুল গান্ধীকো জগৰীয়া কৰা দেখা যায়।

আৰু পঢ়ক: ভাৰতীয় নৌ সেনা বিষয়াৰ পুত্ৰ সন্ধানহীন…

gulam nabi azad Jammu Kashmir congress