ধুবুৰীত গুৰু তেগবাহাদুৰৰ ৩৪৭ সংখ্যক ছহীদ দিৱস...

বিশেষ ৰেলৰ ব্যৱস্থা শিখ যাত্ৰীৰ বাবে
গুৰু তেগবাহাদুৰৰ ৩৪৭ সংখ্যক ছহীদ দিৱস
গুৰু তেগবাহাদুৰৰ ৩৪৭ সংখ্যক ছহীদ দিৱস
Published on
Updated on

ডিজিটেল সংবাদ,ধুবুৰীঃ অসমৰ শিখ ধৰ্মালম্বী লোকৰ একমাত্ৰ তীৰ্থক্ষেত্ৰ ধুবুৰীৰ গুৰুদ্বাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শনিবাৰৰ পৰা নৱম গুৰু তেগবাহাদুৰৰ ৩৪৭ সংখ্যক ছহীদ দিৱসৰ শুভাৰম্ভ। আয়োজক সমিতিয়ে জনোৱা অনুসৰি ছহীদ দিৱস উপলক্ষে গুৰুদ্বাৰত আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰা হৈছে।

অহা ২৮ নৱেম্বৰলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে চলিব লগা এই উৎসৱত শিখ ধৰ্মালম্বী লোকসকলৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে। আজি ৰাতিপুৱা ৪ বজাৰ পৰা ৫ বজালৈ প্ৰভাত ফেৰী,পুৱা ৮ বজালৈকে সুখমণি চাহিব পাঠ,১০বজাত অখণ্ড পাঠ চাহিব কাৰ্যসুচী ৰূপায়ন কৰা হৈছে।

অনুষ্ঠানৰ দ্বিতীয় দিনা পুৱা ৩ বজাৰ পৰা ৮ বজালৈকে সুখমণি পাঠ সাহিব আৰু কীৰ্তন শ্ৰী আশা দ্বি বাৰ আৰম্ভ হোৱাৰ লগতে পুৱা ৮ বজাৰ পৰা ১২ বজালৈকে কীৰ্তন দৰবাৰ অনুষ্ঠিত হোৱাৰ পাছত দিনৰ ১-৩০ বজাৰ পৰা ধুবুৰী চহৰত নগৰ কীৰ্তন উলিওৱা হ'ব।

তদুপৰি,২৮ নৱেম্বৰত পুৱা ৩-৩০ বজাৰ পৰা ৮ বজালৈকে সুখমণি চাগিব পাঠ আৰু কীৰ্তন শ্ৰী আশা দ্বি বাৰ আৰম্ভ অনুষ্ঠিত হোৱাৰ লগতে ৮ বজাৰ পৰা ১০-৩০ বজালৈকে কীৰ্তন দৰবাৰ অনুষ্ঠিত হ'ব। দিনৰ ১১ বজাত ভোগ,শ্ৰীঅখণ্ড পাঠ চাহিব অনুষ্ঠিত হোৱাৰ লগতে অন্যান্য কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি শিখ প্ৰতিনিধি বোৰ্ড,ইষ্টাৰ্ণ জোনৰ সাধাৰণ সম্পাদক চৰ্দাৰ কুলৱন্ত সিঙে জানিবলৈ দিছে।

ভক্ত সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হ'ব বুলি জিলাখনৰ আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন জানিবলৈ দিছে। ৰাইজৰ সুবিধাৰ্থে এটি নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰাৰ লগতে এটি চিকিৎসকৰ দলে ভক্তসকলৰ চিকিৎসাৰ বাবে এটা স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা হৈছে ।

উল্লেখ্য যে, ছহীদ দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো এক বিৰাট মেলাৰ আয়োজন কৰিছে। ধুবুৰীত অসমৰ আন ঠাইৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অগণন শিখ ধৰ্মালম্বী লোকৰ সমাগম ঘটিছে।

আনহাতে এই উৎসৱৰ লগত সংগতি ৰাখি ডিব্ৰুগড়- ধুবুৰীৰ মাজত শিখ সকলৰ বাবে এখন বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে। আজি এই বিশেষ ৰেলখনে ডিব্ৰুগড়ৰ পৰা ধুবুৰী ৰেল ষ্টেচনত আহি উপস্থিত হৈছে। কোভিডৰ নীতি নিয়মৰ বাবে বিগত দুটা বছৰ ৰাসমেলা উদযাপনৰ ক্ষেত্ৰত বিধি নিষেধ আৰোপ কৰা হৈছিল যদিও এই বেলি ধুবুৰীত শিখ ধৰ্মালম্বী লোকৰ মাজত ব্যাপক উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে।

আৰু পঢ়কঃ ধেমাজিত বিদ্যালয় একত্ৰীকৰণকলৈ ৰাইজৰ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in