গুৱাহাটী কমাৰ্চ কলেজত ২০২৩-২৪ বৰ্ষৰ সঁফুৰা বৃত্তি প্ৰদান...

শিক্ষাৰ্থীসকলে সম্পূৰ্ণ জ্ঞান অৰ্জনৰে নিজক গঢ়িব লাগিব: ডাঃ ৰণোজ পেগু
গুৱাহাটী কমাৰ্চ কলেজত ২০২৩-২৪ বৰ্ষৰ সঁফুৰা বৃত্তি প্ৰদান...
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটী: সুদীৰ্ঘ চাৰিটা দশকজুৰি অবিৰতভাৱে শিশু-চেমনিয়াৰ বিদ্যায়তনিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত অভূতপূৰ্ব বৰঙনি আগবঢ়াই অসমীয়া আলোচনীৰ ক্ষেত্ৰখনক আস্থাশীল ইতিহাসেৰে সমৃদ্ধ কৰিবলৈ সক্ষম হৈছে 'সঁফুৰা'ই ৷ স্বনামধন্য সাহিত্যিক-শিক্ষাবিদ-চলচ্চিত্ৰ নিৰ্মাতা ড° ভবেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনা আৰু প্ৰসিদ্ধ প্ৰকাশক অম্বিকাপদ দেৱ চৌধুৰীৰ প্ৰকাশনাৰে ১৯৮৩ চনৰ পৰা যতিহীনভাৱে ছপা হৈ থকা আলোচনীখনে দেওবাৰে ২০২৩-২৪ বৰ্ষৰ “সঁফুৰা বৃত্তি” প্ৰদান কৰে ৷

গুৱাহাটী কমাৰ্চ কলেজৰ ড° ভগৱান চন্দ্ৰ লহকৰ প্ৰেক্ষাগৃহত পুৱা ১০ বজাৰ পৰা আয়োজিত 'সঁফুৰা বৃত্তি' প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ তেওঁ ভাষণ প্ৰসংগত কয় যে শিক্ষাৰ্থীসকলে সম্পূৰ্ণ জ্ঞান অৰ্জনৰে নিজক গঢ়িব লাগিব৷ বিভিন্ন বিষয়ে পৃথিৱীৰ ৰং ৰূপ সলনি কৰিছে ৷ আমাৰ ছাত্ৰ-ছাত্ৰীসকলেও এই গতিৰ সৈতে খোজ মিলাই বিদ্যা আহৰণ কৰিবলৈ সক্ষম হৈ উঠিব লাগিব৷ শিশুসকলৰ বা ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্ব বিকশিত কৰিবলৈ কিতাপ পঢ়াৰ অভ্যাস গঢ় দিয়া অতি জৰুৰী৷ সৰুৰে পৰাই এই অভ্যাস গঢ়ি তুলিবলৈ পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী সকলোৱে প্ৰয়াস কৰা উচিত ৷ মগজুৰ কচৰতৰ বাবে শিশু অৱস্থাৰ পৰাই পদক্ষেপ গ্ৰহণ কৰা ভাল ৷ মোবাইল ফোনৰ অত্যধিক আসক্তিয়ে শিশু-চেমনিয়াসকলৰ বহু মূল্যবান সময় কাঢ়ি নিছে ৷ ইয়াৰ পৰা মুক্ত কৰি কিতাপৰ সান্নিধ্যৰ ব্যৱস্থা কৰি দিব পাৰিলে তেওঁলোক উপকৃত হ’ব, ভৱিষ্যত সুৰক্ষিত হ’ব ৷ মোবাইল ফোনে গ্ৰন্থৰ স্থান কেতিয়াও অধিগ্ৰহণ কৰিব নোৱাৰে ৷ কিয়নো কিতাপ পঢ়াৰ আনন্দই বেলেগ ৷ ইয়াৰ কোনো বিকল্প নাই ৷ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে “সঁফুৰা”ই ৰূপায়ণ কৰি অহা বৃত্তি পৰীক্ষাৰ কাৰ্যক্ৰমণিকাক মন্ত্ৰী ডাঃ পেগুৱে ভূয়সী প্ৰশংসা কৰি চিৰস্মৰণীয় সাহিত্যিক, চলচ্চিত্ৰ নিৰ্মাতা, শিক্ষাবিদ ড° ভবেন্দ্ৰনাথ শইকীয়াৰ স্মৃতি বিজৰিত “সঁফুৰা”ৰ নিৰৱচ্ছিন্ন জয়যাত্ৰা কামনা কৰে ৷

উল্লেখ্য যে এইবেলি অংকুৰণ শাখাত প্ৰথম স্থান লাভ কৰা শংকৰদেৱ শিশু নিকেতন, ঘগ্ৰাপাৰৰ হৃদয়কুঞ্জ ৰভাক ১৫ হজাৰ টকা, দ্বিতীয় স্থান লাভ কৰা শংকৰদেৱ জাতীয় বিদ্যালয়, ধলপুৰৰ ওমজ্যোতি বৰাক ১৩ হাজাৰ টকা, তৃতীয় স্থান লাভ কৰা ভেলী ভীউ স্কুলৰ যথাৰ্থ দত্তক ১২ হাজাৰ টকা, চতুৰ্থ স্থান লাভ কৰা পেৰাডাইজ ইংলিছ একাডেমি, হাবিবৰঙাবাৰীৰ ঋতুস্মিতা দেৱীক ১১ হাজাৰ টকা আৰু পঞ্চম স্থান লাভ কৰা জাতীয় বিদ্যালয়, ডিৰাকৰ ত্ৰিবেণী দাসক ১০ হাজাৰ টকাৰ বৃত্তি প্ৰদান কৰা হয় ৷ একেদৰে প্ৰাথমিক বৃত্তি পৰীক্ষাত প্ৰথম স্থান লাভ কৰা বিদ্যাভৱন, ডিমুৱালৰ অনুৰাগ কোঁৱৰক ১৫ হাজাৰ টকা , দ্বিতীয় স্থান লাভ কৰা ভি কে ভি, ধেমাজিৰ ভিহান দাসক ১৩ হাজাৰ টকা, তৃতীয় স্থান লাভ কৰা মিলনপুৰ মজলীয়া বিদ্যালয়, মৰিগাঁৱৰ মাশ্বাৰিক আব্দুল্লাক ১২ হাজাৰ টকা, চতুৰ্থ স্থান লাভ কৰা অসম জাতীয় বিদ্যালয়, নুনমাটিৰ নীলভ তালুকদাৰক ১১ হাজাৰ টকা আৰু পঞ্চম স্থান লাভ কৰা ন-সত্ৰ আদৰ্শ বিদ্যালয় , চনমাগুৰীৰ হৰ্ষিতা কলিতাক ১০ হাজাৰ টকা প্ৰদান কৰা হয় ৷

ঠিক সেইদৰে মজলীয়া বৃত্তি পৰীক্ষাত প্ৰথম স্থান লাভ কৰা এম ভি এম, নলবাৰীৰ নিশান্তপ্ৰাণ ৱাইশ্বে ১৫ হাজাৰ টকা, দ্বিতীয় স্থান লাভ কৰা সাপেখাতী জাতীয় বিদ্যালয়ৰ তনুষ্ণা দেৱীয়ে ১৩ হাজাৰ টকা, তৃতীয় স্থান লাভ কৰা আদৰ্শ বিদ্যালয়, দহকুছিৰ য়াহিয়া আহমেদে ১২ হাজাৰ টকা, চতুৰ্থ স্থান লাভ কৰা অসম জাতীয় বিদ্যালয়, নুনমাটিৰ ধীমানজ্যোতি কলিতাই ১১ হাজাৰ টকা আৰু পঞ্চম স্থান লাভ কৰা গোলাঘাট জাতীয় বিদ্যালয়ৰ বৃষ্টিপ্ৰিয়া কলিতাই ১০ হাজাৰ টকাৰ সঁফুৰা বৃত্তি লাভ কৰিছে ৷ ইপিনে মাধ্যমিক বৃত্তিৰ প্ৰথম স্থানপ্ৰাপ্ত লিটল ষ্টাৰ স্কুল, বিশ্বনাথ চাৰিআলিৰ দিশান্ত কটকীক ১৫ হাজাৰ টকা, দ্বিতীয় স্থানপ্ৰাপ্ত শংকৰদেৱ শিশু বিদ্যা নিকেতন, তেজপুৰৰ সুশান্ত কাশ্যপক ১৩ হাজাৰ টকা, তৃতীয় স্থানপ্ৰাপ্ত আনন্দ বিদ্যা নিকেতন, নলবাৰীৰ কৃষাণুৰাজ বাৎসায়নক ১২ হাজাৰ টকা, চতুৰ্থ স্থানপ্ৰাপ্ত শংকৰদেৱ শিশু নিকেতন, মাছখোৱাৰ চিৰঞ্জীৱ কোচক ১১ হাজাৰ টকা আৰু পঞ্চম স্থানপ্ৰাপ্ত আইডিয়েল ইংলিছ একাডেমি, আমবাগানৰ তন্ময় দত্তক ১০ হাজাৰ টকাৰ সঁফুৰা জলপানি আগবঢ়োৱা হয় ৷

ইয়াৰ উপৰি ১২ জনলৈ ৫ হাজাৰ টকা, ৩৫ জনলৈ ২ হাজাৰ টকা, ৫৫ জনলৈ ১ হাজাৰ টকা, ৩৫১ জনলৈ ৫শ টকা আৰু ১০৭৪ জনলৈ ৩শ টকাকৈ সঁফুৰা বৃত্তি প্ৰদান কৰা হয় ৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিগত ২০০৪ চনৰ পৰা “সঁফুৰা”ই এই বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰি অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক ইতিবাচক শৈক্ষিক বাতাৱৰণ গঢ়ি তুলিবলৈ প্ৰয়াস কৰি আহিছে ৷ এইবেলি ৪০ হেজাৰতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে এই বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷

আজি গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° হোমেশ্বৰ কলিতাৰ পৌৰহিত্যত সম্পন্ন হোৱা এই বৃত্তি প্ৰদান অনুষ্ঠানৰ প্ৰাৰম্ভতে “সঁফুৰা” আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক ড° ভবেন্দ্ৰনাথ শইকীয়া ,প্ৰকাশক অম্বিকাপদ দেৱচৌধুৰী আৰু “সঁফুৰা” বৃত্তি পৰীক্ষাৰ একালৰ উপদেষ্টা, বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ড° মহম্মদ তাহেৰৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলিত কৰা হয় ৷ ইয়াৰ পাছতে জ্ঞাত-অজ্ঞাত সকলো প্ৰয়াত শিল্পী-সাহিত্যিকৰ সশ্ৰদ্ধ সোঁৱৰণত এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়৷ এই অনুষ্ঠানত “সঁফুৰা”ৰ প্ৰাক্তন সম্পাদক, বিশিষ্ট সাংবাদিক ৰূপম বৰুৱাক সঁফুৰা পৰিয়ালে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথা সাহিত্যিক, “সঁফুৰা”ৰ মুখ্য সম্পাদক ড° কুলধৰ শইকীয়াই কয় যে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে সফলতা অৰ্জনৰ বাবে প্ৰস্তুত কৰিবলৈ এনে পৰীক্ষাৰ আয়োজন কৰাটো অতি দৰকাৰী৷ বিগত ২০০৪ চনৰ পৰা “সঁফুৰা”ই এই কাম কৰি অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৌদ্ধিক পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰি আহিছে৷ এয়া আদৰণীয় পদক্ষেপ৷ তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে সামূহিক শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি কয় যে প্ৰশ্ন সোধাটো শিক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ প্ৰশ্ন সোধা সকলেহে উত্তৰ বিচাৰি উলিয়াব পাৰে অৰ্থাৎ নতুন সৃষ্টি কৰাৰ সক্ষমতা অৰ্জন কৰে তেওঁলোকে ৷ এইবোৰৰ কোনো “মাৰ্কশ্বিট” নাথাকে, কিন্তু মানসিক বিকাশ সাধন কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে এটা লক্ষ্যত উপনীত হ’ব নোৱাৰিলেই হতাশাত ভোগাৰ প্ৰয়োজন নাই, কাৰণ সদায়ে বিকল্প পথ খোলা থাকে ৷

“আৰোহণ”ৰ মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়া, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ড° অমৰেন্দ্ৰ তালুকদাৰ,বিশিষ্ট লেখক উৎপল বাদল বৰুৱা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক হৰেণ কলিতা, জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞা আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অতিথিৰ আসন শুৱনি কৰে৷ অতিথিবৰ্গক ফুলাম গামোছা আৰু ইংৰাজীলৈ অনূদিত “নামঘোষা”ৰে আদৰণি জনোৱা হয় ৷

“সঁফুৰা” বৃত্তি পৰীক্ষাৰ সচিব ধীৰাজ গোস্বামীয়ে এইসকল বিশিষ্ট ব্যক্তিৰ লগতে এই অনুষ্ঠানলৈ সহায়ৰ হাত আগবঢ়োৱা গুৱাহাটী কমাৰ্চ কলেজ, অসমীয়া প্ৰতিদিন কাকত গোষ্ঠী, প্ৰাগ্‌ নিউজ, পঞ্জাৱ নেচনেল বেংক, ভাৰতীয় তৈল নিগম, ভাৰতীয় ষ্টেট বেংক, বৈশ্য ষ্টাডি চেন্টাৰ, ভাৰতীয় জীৱন বীমা নিগম, পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়ক, সাংবাদিক আৰু পৰীক্ষাৰ্থী তথা অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ লগতে কয় যে যিসকল বৃত্তি প্ৰাপকে আজিৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে তেওঁলোকে জলপানি আৰু মানপত্ৰ পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়কৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৷ শৈলেন বৈশ্যই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবোধ দাসে ৷

গুৱাহাটী কমাৰ্চ কলেজত ২০২৩-২৪ বৰ্ষৰ সঁফুৰা বৃত্তি প্ৰদান...
বঙাইগাঁও শোধনাগাৰৰ আৱাসিক এলেকাত চোৰৰ অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in