ডিজিটেল সংবাদ,গুৱাহাটীঃ জালুকবাৰী আৰক্ষীৰ জালত পৰিছে এজন ভুৱা আৰক্ষী। জানিব পৰা মতে, নিজকে আৰক্ষী বুলি পৰিচয় দি ধন সংগ্ৰহ কৰি গৈছিল লোকজনে। অভিযুক্ত লোকজন বেলশৰৰ সঞ্জয় বৈশ্য বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, ইনজামুল হক নামৰ এজন লোকক আৰক্ষী বুলি জনাই উঠাই আনিছিল সঞ্জয় বৈশ্যই। ইয়াৰ পাছত লোকজনৰ পৰা ধন সংগ্ৰহ কৰিছিল। এই ঘটনাৰ পাছতঅৱশেষত জালুকবাৰী আৰক্ষীৰ জালত পৰে ভুৱা আৰক্ষী সঞ্জয় বৈশ্য।
Also Read: হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ নিৰ্বাচনঃ প্ৰাৰম্ভিক পৰ্যায়ত কংগ্ৰেছৰ অগ্ৰগতি...