গুৱাহাটীক বানমুক্ত কৰিব নেদাৰলেণ্ডৰ কোম্পানীয়ে!

গুৱাহাটীক বানমুক্ত কৰিব নেদাৰলেণ্ডৰ কোম্পানীয়ে!
Published on
Updated on

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰৰে। চহৰখনৰ বান নিয়ন্ত্ৰণৰ দায়িত্ব নেদাৰলেণ্ডৰ এটা প্ৰতিষ্ঠানক দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । ২১ আগষ্টত নেদাৰলেণ্ডৰ কোম্পানীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ক এই তথ্য অৱগত কৰে মহাধিবক্তাই।

উল্লেখ্য যে ৫ আগষ্টত গুৱাহাটীত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰা কৃত্ৰিম বান সন্দৰ্ভত আদালতে নিজাববীয়াকৈ এখন জনস্বার্থজড়িত আবেদন গ্ৰহণ কৰিছিল। লগতে গুৱাহাটীৰ পাহাৰ খনন আৰু কৃত্ৰিম বানক লৈ এখন ৰাজহুৱা স্বার্থজড়িত আবেদন কৰিছিল নর্থ-ইষ্ট ইক' ডেভেলপমেন্ট ছ'চাইটীয়ে।

৭আগষ্টত এই আবেদন দুখনৰ ৭ একেলগে শুনানি হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন শুনানি জৰিয়তে ১০ দিনৰ ভিতৰত শপতনামাযোগে এই বিষয়ে জনাবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। ইয়াৰ পাছতে মহানগৰীৰ বান বিভীষিকাৰ সৈতে মোকাবিলা কৰাৰ বাবে বর্তমান থকা কর্ম-আঁচনি আৰু ভৱিষ্যতে গ্ৰহণ কৰিবলগীয়া সামগ্ৰিক পৰিকল্পনাৰ বিষয়ে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত সোমবাৰে শপতনামা দাখিল কৰিছে।

এই সন্দৰ্ভত গোচৰীয়া পক্ষৰ অধিবক্তা চাহিজুদ্দিন আহমেদে কয় যে, ‘‘ৰাজ্য চৰকাৰৰ‌ শপত নামাত নেদাৰলেণ্ডৰ কোম্পানীক বান নিয়ন্ত্ৰণৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত উল্লেখ কৰা হৈছে। ২১ আগষ্টত নেদাৰলেণ্ডৰ কোম্পানীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব‌ বুলি শপতনামাত উল্লেখ কৰিছে। গোচৰটোৰ পৰৱৰ্তী শুনানি আদালতে ২৭ আগষ্টত গ্ৰহণ কৰিব।"

গুৱাহাটীক বানমুক্ত কৰিব নেদাৰলেণ্ডৰ কোম্পানীয়ে!
গ্ৰাহকৰ পৰা অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহৰ বিৰুদ্ধে ধেমাজিত প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in