/asomiyapratidin/media/media_files/2025/09/06/263-2025-09-06-14-40-38.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ১০ অক্টোবৰ ২০২৫, শুকুৰবাৰে। ১১ অক্টোবৰ, শনিবাৰে ভোটগণনা কৰা হ'ব আৰু সেইদিনাই ফলাফল ঘোষণা কৰা হ'ব - শনিবাৰে গুৱাহাটী গ্রেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত এই কথা ঘোষণা কৰে গুৱাহাটী প্ৰেছ ক্লাব নির্বাচন সমিতিয়ে।
উল্লেখ্য যে, জ্যেষ্ঠ সাংবাদিক তথা আমাৰ অসমৰ কাৰ্যবাহী সম্পাদক গৌতম শর্মাক অধ্যক্ষ হিচাপে লৈ গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৫-২৭ বর্ষৰ নির্বাচন সমিতি গঠন কৰি দিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভাই। নির্বাচন সমিতিৰ আন চাৰিগৰাকী সদস্য হৈছে ক্রমে জ্যেষ্ঠ সাংবাদিক অতুল্য মাধৱ গোস্বামী, প্রতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক জিষ্ণু মেধি, জ্যেষ্ঠ সাংবাদিক অনিতা কলিতা গোস্বামী আৰু জ্যেষ্ঠ সাংবাদিক প্রশান্ত বল্লভ হাজৰিকা।
নির্বাচন সমিতিৰ অনুৰোধ মর্মে জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে সমিতিৰ আইন উপদেষ্টাৰ দায়িত্ব বহন কৰিবলৈ সন্মতি প্রকাশ কৰিছে। নির্বাচন সমিতিয়ে এখন উপদেষ্টা পৰিষদ গঠন কৰাৰ সিদ্ধান্ত লৈছে।
শনিবাৰৰ সংবাদমেলত নির্বাচন সমিতিয়ে ঘোষণা কৰা মতে, ৯ ছেপ্টেম্বৰ, মঙলবাৰে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব আৰু সেইদিনাৰ পৰাই বলৱৎ হ'ব নির্বাচনী আচৰণবিধি।
আনহাতে ১০, ১১ আৰু ১২ ছেপ্টেম্বৰৰ পুৱা ১০-০০ বজাৰ পৰা দিনৰ ১-০০ বজালৈ ইচ্ছুকসকলে গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা (নির্বাচন সমিতিৰ কাৰ্যালয়ৰ পৰা) মনোনয়ন-পত্র সংগ্ৰহ কৰিব পাৰিব। ১৪, ১৫ আৰু ১৬ ছেপ্টেম্বৰ মনোনয়ন-পত্র দাখিল কৰাৰ দিন ধার্য কৰা হৈছে।
আটাইকেইটাদিনতে পুৱা ১০-০০ বজাৰ পৰা দিনৰ ১-০০ বজাৰ ভিতৰত ইচ্ছুকসকলে নির্বাচন সমিতিৰ কাৰ্যালয়ত মনোনয়ন-পত্র দাখিল কৰিব পাৰিব। ১৮ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সেইদিনাই যোগ্য প্রার্থীসকলৰ তালিকা প্রস্তুত কৰা হ'ব।
আনহাতে মনোনয়ন-পত্র প্রত্যাহাৰৰ অন্তিম দিন ২০ ছেপ্টেম্বৰ, শনিবাৰ। সেইদিনা পুৱা ১০-০০ বজাৰ পৰা দিনৰ ১-০০ বজাৰ ভিতৰত ইচ্ছুকসকলে মনোনয়ন-পত্র প্রত্যাহাৰ কৰিব পাৰিব। এই বিষয়ে নির্বাচন সমিতিক লিখিতভাৱে অবগত কৰিব লাগিব বুলি জনাই সংবাদমেলত।
ইফালে মনোনয়ন-পত্র প্রত্যাহাৰৰ যাৱতীয় আনুষ্ঠানিকতা সম্পূর্ণ হোৱাৰ পাছত প্রতিদ্বন্দ্বিতাত অবতীর্ণ হ'বলগীয়া প্রার্থীৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ'ব। ৮ অক্টোবৰ, বুধবাৰে আবেলি ৪-০০ বজাত নির্বাচনী প্রচাৰৰ অন্ত পৰিব।
১০ অক্টোবৰ, শুকুৰবাৰে পুৱা ৮-০০ বজাৰ পৰা আবেলি ৪-০০ বজালৈ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হ'ব ভোটগ্রহণ পর্ব। ১১ অক্টোবৰ, শনিবাৰে পুৱা ৯-০০ বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত ভোটগণনা কৰা হ'ব। ভোটগণনাৰ পাছত যাৱতীয় আনুষ্ঠানিকতা সম্পূর্ণ কৰাৰ অন্তত নির্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব বুলি সংবাদমেলত উল্লেখ কৰে।
উল্লেখযোগ্য যে, গুৱাহাটী প্ৰেছ ক্লাবৰ সংবিধান অনুসৰি সভাপতি, সাধাৰণ সম্পাদক, কোষাধ্যক্ষ, সাংগঠনিক সম্পাদক, সাংস্কৃতিক সম্পাদক আৰু ক্রীড়া সম্পাদকৰ এটাকৈ পদৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। উপ-সভাপতি আৰু সহকাৰী সাধাৰণ সম্পাদকৰ দুটাকৈ পদৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব।
একেদৰে উপ-সভাপতি আৰু সহকাৰী সাধাৰণ সম্পাদকৰ একোটাকৈ পদ মহিলা/তৃতীয় লিংগৰ প্রার্থীৰ বাবে সংৰক্ষিত। গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাবৰ নিয়ম অনুযায়ী প্রস্তুত কৰা আৰু সাধাৰণ সভাৰ অনুমোদন ক্রমে চূড়ান্ত কৰা ভোটাৰ তালিকাৰ ভিত্তিত অনুষ্ঠিত হ'ব ২০২৫-২৭ বর্ষৰ নির্বাচন।
গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন সমিতিয়ে নির্বাচনৰ সমস্ত কাম-কাজত সকলোৰে অংশগ্রহণ আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।