ডিজিটেল সংবাদ,গুৱাহাটীঃ ৰাজ্যৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকক কৰ্তব্যৰত অৱস্থাত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰা ঘটনা সংঘটিত হৈ আহিছে। বৃহস্পতিবাৰে চামগুৰিত কংগ্ৰেছ আৰু বিজেপিৰ বাতৰি সংগ্ৰহ কৰি থকা সময়ত বিজেপি কৰ্মীয়ে কৰ্তব্যৰত অৱস্থাত থকা বহু কেইটা সংবাদ প্ৰতিষ্ঠানৰ কেইবাগৰাকীও সাংবাদিকক আক্ৰমণ কৰিছিল। এই সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰে গুৱাহাটী প্ৰেছ ক্লাবে I
আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কৰ্তব্যৰত সাংবাদিকক এইধৰণে শাসকীয় দলৰ কৰ্মীয়ে আক্ৰমণ কৰা ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবে কঠোৰ ভাষাৰে গৰিহণা দিয়ে। লগতে দোষীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়I বিশেষ ভাৱে শাসকীয় বিজেপি কৰ্মীয়ে সাংবাদিক আক্ৰমণ কৰা ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবে উদ্বিগ্নতা প্ৰকাশ কৰা লগতে ধিক্কাৰ জনায়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক বাৰে বাৰে সাংবাদিক আক্ৰমণৰ ঘটনা সন্দৰ্ভত উপযুক্ত ব্যৱস্থা লবলৈ আহ্বান জনাই গুৱাহাটী প্ৰেছ ক্লাবে I লগতে দোষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা লোৱাৰো দাবী জনায়। এই ক্ষেত্ৰত জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাকো সাংবাদিকক আক্ৰমণৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰত হস্তক্ষেপৰ আহ্বান জনায়।
Also Read: বিহালী সমষ্টিত বহু দিনৰ পিছত কংগ্ৰেছে নিজৰ প্ৰতীক চিহ্ন উভতাই পাইছে: গৌৰব গগৈ