গুৱাহাটী বিশ্ববিদ্যালয়ত আব্দুল কাইয়ুম আল-আমানৰ গ্ৰন্থ উন্মোচন

গুৱাহাটী বিশ্ববিদ্যালয়ত আব্দুল কাইয়ুম আল-আমানৰ গ্ৰন্থ উন্মোচন

author-image
Asomiya Pratidin
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ত আব্দুল কাইয়ুম আল-আমানৰ গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, গুৱাহাটী: অসম শিক্ষা সেৱাৰ অধীনত মাদ্ৰাছা শিক্ষাৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ আব্দুল কাইয়ুম আল-আমানৰ গ্ৰন্থ "আৰবী সাহিত্যৰ সুৱাস" (প্ৰথম খণ্ড) গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰবী বিভাগৰ সভাকক্ষত উন্মোচন কৰা হয়।

গ্ৰন্থখনি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে যুটীয়াভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰবী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক এ‌ বি এ আব্দুল মতিন আৰু বৰ্তমানৰ মুৰব্বী অধ্যাপক ড০ আবু‌ বক্কৰ ছিদ্দিকে।

সভাত কোলকাতাৰ আজকাল কাকতৰ জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলাম, ড০ আবুল কাচেম,‌ড০ আবুল কালাম, ড০ বক্সি হজৰত আলী বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে। উল্লেখ্য যে, সু-লেখক আব্দুল কাইয়ুম আল-আমানৰ সাহিত্য সৃষ্টি অনন্য। তেওঁৰ গ্ৰন্থই ৰাষ্ট্ৰজুৰি সমাদৃত হৈছে বুলি প্ৰতিজন অতিথিয়ে একেমুখে স্বীকাৰ কৰে।

guwahati university