ডিজিটেল সংবাদ, চিৰাং: ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ মাজত মাত্ৰ এটা দিন বাকি থকাৰ সময়তে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক দল সমূহৰ নেতা পালিনেতাৰ জয় পৰাজয়ৰ সমীকৰণ। তাৰে বড়োভূমি স্বায়ত্বশাসিত এলেকাৰ ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়েও আজি জয় পৰাজয়ৰ অংক তথা হিচাপ নিকাচত নামি পৰা পৰিলক্ষিত হয়।
৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী নহয়, বিপিএফ দলৰ প্ৰাৰ্থীহে বিজয়ী হব ! ভোটৰ ব্যৱধান বেছি নহব ! মাত্ৰ ৩ হেজাৰ ভোটৰ ব্যৱধানত চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰী বিজয়ী হব এই দাবী বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ। আজি চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত কাশিকোত্ৰা স্থিত চিৰাং ব্লক বিপিএফৰ কাৰ্য্যালয়ত দলীয় নেতা কৰ্মী আৰু বিভিন্ন ভোটকেন্দ্ৰত দলীয় দায়িত্ব পালন কৰা এজেন্ট সকলৰ সৈতে এক বৈঠকত মিলিত হয় দলৰ সভাপতি হাগ্ৰামা মহিলাৰী।
বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মত বিনিময় কৰাৰ সময়ত হাগ্ৰামা মহিলাৰীক পূৰ্বতকৈ অধিক আত্মবিশ্বাসী ৰূপত দেখিবলৈ পোৱা যায়। হাগ্ৰামা মহিলাৰী হাঁহি হাঁহি সংবাদ মাধ্যমৰ আগত কয় যে, আজি চিদলী সমষ্টিৰ প্ৰতিটো ভোটকেন্দ্ৰৰ দলীয় এজেন্ট আৰু আমাৰ বিপিএফ দলৰ বিভিন্ন চেলৰ নেতা -কৰ্মীৰ সকলৰ পৰা যিমান খিনি তথ্য লাভ কৰিছো সেয়া আমাৰ দলৰ বাবে বহুত ভাল খবৰ বুলি দাবী কৰে।
দলীয় তথ্য মতে বিপিএফ দলে যিমান ভোট লাভ কৰিছে বুলি কৈছে সেই হিচাপৰ পৰা ৬ শতাংশ ভোট বাদ দিলেও চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত আমাৰ বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰী আৰামত জিকি যাব বুলি দাবী কৰে । চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত বিপিএফ দল জিকিব বুলি দাবী কৰি কয় যে আগন্তুক ২০২৫ ত অনু্ষ্ঠিত হবলগা বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিগত ২০২০ চনৰ ফলাফলতকৈ বিপিএফ বহুত ভাল ফলাফল লাভ কৰিব আৰু বিপিএফ দল হিচাপে অকলেই চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে।
আজিৰ বিপিএফ দলৰ কৰ্মী সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত চিদলী বিধানসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীয়েও নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰে। তেখেত কিমান ভোটৰ ব্যৱধানত জিকিব সেয়া উল্লেখ্য নকৰাকৈ কয় যে ভোটদান হৈ যোৱাৰ পিছত আমি সমষ্টিৰ চুকে-কোনে দলৰ নেতা কৰ্মী সকলৰ পৰা তথ্য সংগ্ৰহ কৰিছো, আজি ভোটকেন্দ্ৰৰ এজেন্ট সকলৰ সৈতে মত বিনিময় কৰি যিখিনি আশাপ্ৰদ তথ্য পালো তাৰ পৰা অনুমান কৰিব পাৰি যে অহা ২৩ নবেম্বৰ দিনা যিটো ফলাফল ঘোষণা হব সেইদিনা এটা ভাল ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ গৈ আছো বুলি দাবী কৰে শুদ্ধ বসুমতাৰীয়ে ।