বিপদমুক্ত বিশিষ্ট চিন্তাবিদ হাইদৰ হুছেইন...

বিপদমুক্ত বিশিষ্ট চিন্তাবিদ হাইদৰ হুছেইন...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিপদমুক্ত হাস্পতালত চিকিৎসাধীন বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ হাইদৰ হুছেইন। ১৭ জুলাইত নিজ বাসগৃহৰ স্নানাগাৰত পৰি আঘাতপ্ৰাপ্ত হৈছিল বিশিষ্ট চিন্তাবিদ গৰাকী। লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভৰ্তি কৰা হৈছিল হুছেইনক।

বিগত ৫ দিনে আই চি ইউত ৰখা পাছত সোমবাৰে তেওঁক জিএমচি ৰ কেবিনলৈ অনা হয়। বৰ্তমান বিপদমুক্ত ৮৩ বছৰীয়া হাইদৰ হুছেইন। বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ হাইদৰ হুছেইনৰ স্বাস্থ্যৰ বুজ লয় সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। লগতে চিকিৎসক তথা হুছেইনৰ পৰিয়ালৰ সৈতেও কথা-বতৰা পাতে।

আনহাতে বিশিষ্ট সাংবাদিক গৰাকীৰ অসুস্থতাক লৈ চিন্তিত হৈ পৰে ৰাজ্যবাসী। সকলোৱে একেমুখে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।

বিপদমুক্ত বিশিষ্ট চিন্তাবিদ হাইদৰ হুছেইন...
গহপুৰ মহকুমাধিপতি কাৰ্যালয়ত SUMMER SHINE CAMP 2.0

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in