হাজৰিকাপাৰা সাহিত্য সভাৰ অভিনন্দন অনুষ্ঠান: কৃতীমানক সম্বৰ্ধনা আৰু ন্যাসৰ বঁটা প্ৰদান

হাজৰিকাপাৰা সাহিত্য সভাৰ অভিনন্দন অনুষ্ঠান: কৃতীমানক সম্বৰ্ধনা আৰু ন্যাসৰ বঁটা প্ৰদান

author-image
Asomiya Pratidin
New Update
হাজৰিকাপাৰা সাহিত্য সভাৰ অভিনন্দন অনুষ্ঠান: কৃতীমানক সম্বৰ্ধনা আৰু ন্যাসৰ বঁটা প্ৰদান

ডিজিটেল সংবাদ,মঙলদৈঃ "নম্বৰ সৰ্বস্ব ব্যৱস্থাই শিক্ষাৰ্থীৰ সামাজিক মূল্যবোধক স্খলনৰ পিনে ধাৱমান কৰিছে। লক্ষ্য বিহীনতাই ছাত্ৰ ছাত্ৰীক ক্ষতি কৰিছে। তাৰ ফলত কিছু সংখ্যক শিক্ষাৰ্থীক পথভ্ৰষ্ট হোৱা দেখা যায়।" এই মন্তব্য কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয় সহযোগী অধ্যাপিকা ডঃ গীতিকা চহৰীয়াৰ।

দেওবাৰে দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত হাজৰিকাপাৰা সাহিত্য সভা (স্বৰ্ণ শাখা)ৰ উদ্যোগত আকাশ, ৰামধেনু, কুঁহি উপ-সমিতিৰ কৃতীমানক অভিনন্দন জ্ঞাপন আৰু ন্যাসৰ বঁটা প্ৰদান অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত তেওঁ এইদৰে কয়।

উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ৭০ কৃতী মানক উদ্দেশ্যি প্ৰদান কৰা ভাষণত ডঃ চহৰীয়াই যোগাযোগৰ দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সন্দৰ্ভত শিক্ষাৰ্থীক অৱগত কৰাৰ লগতে সৃজনাত্মক আৰু বিশ্লেষণাত্মক দৃষ্টি ভংগীৰে আগবাঢ়িলৈ পৰামৰ্শ দিয়ে। হাজৰিকাপাৰা সাহিত্য সভাৰ সভাপতি নলিনী কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক প্ৰসন্ন শৰ্মাই।

চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মুকেশ ডেকাই। গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ ভুৱন দেৱ শৰ্মাই উদ্বোধন কৰা সভাখনত প্ৰতিষ্ঠাপক সভাপতি অন্নদানন্দ গোস্বামী সোঁৱৰণী ন্যাস, মিনাৰাম বৰুৱা সোঁৱৰণী ন্যাস, জীতেন্দ্ৰ নাথ ভট্টাচাৰ্য সোঁৱৰণী ন্যাস, নয়ন জ্যোতি গোস্বামী সোঁৱৰণী ন্যাসৰ বঁটা সমূহ বিতৰণ কৰা হয়।

সভাত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামীয়ে সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰি কৃতিমান সকলক চৰকাৰী চাকৰি মুখী হোৱাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত নিয়োগ লাভৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Also Read: সহযাত্ৰীৰ উদ্যোগত চেলাজান কছাৰী গাঁৱত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন

hajarikapara