ৰাজ্যত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা...

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on

ডিজিটেল সংবাদ, হাজো: ৰাজ্যত পুনৰ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা। হাজোৰ জাপিয়াত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। এখন দোকানৰ ভিতৰত এগৰাকী কিশোৰীক নিৰ্যাতন চলাই ইব্ৰাহিমৰ নামৰ এটা লম্পটে।

গুটখা কিনিবলৈ গৈ দোকানখনৰ ভিতৰতে কিশোৰীজনীক নিৰ্যাতন চলালে লম্পট ইব্ৰাহিমে। পিছত কিশোৰীজনীয়ে চিঞৰ বাখৰ কৰাত ইব্ৰাহিমে পলায়ন কৰে। ঘটনাৰ পিছতেই পৰিয়ালৰ লোকে হাজো আৰক্ষীত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰত হাজো আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি অপৰাধী ইব্ৰাহিমক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in