মেটেকা জাপি হাজোত পথ মেৰামতি লোক নিৰ্মাণ বিভাগৰ...

মেটেকা জাপি হাজোত পথ মেৰামতি লোক নিৰ্মাণ বিভাগৰ...

Published on

ডিজিটেল সংবাদ,হাজোঃ বিলৰ মেটেকাই শেষ ভৰসা হাজোৰ লোক নিৰ্মাণ বিভাগৰ। হাজোৰ ৰাজপথ মেৰামতি কৰিবলৈ পৰ্যাপ্ত ধন নথকা ফলত মেটেকা জাপি হাজোত ৰাজপথ মেৰামতি কৰিছে হাজোৰ লোক নিৰ্মাণ বিভাগে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা লোক নিৰ্মাণ বিভাগত এতিয়া হাহাকাৰ পৰিবেশ। এক গাড়ী শিল বালিটো বাদেই ভগ্ন পথ মেৰামতি কৰিবলৈ এক ঠেলা শিল বালি দিমেৰামতি কৰিবলৈও সক্ষম নহয় বিভাগটো। সেয়ে বিলৰ পৰা মেটেকা আনি পথৰ গাঁত পুতিব লগা হৈছে হাজো লোক নিৰ্মান বিভাগে।

মূলত দুটা বছৰ ধৰি হাজোৰ বিধ্বস্ত পথ সমূহ মেৰামতি কৰিবলৈ ধন নাই হাজো লোক নিৰ্মাণ বিভাগত। হাজোৰ বিধায়ক সুমন হৰিপ্ৰিয়াৰ আদক্ষতাৰ বাবে যমৰ যান্ত্ৰনা ভুগিছে সমষ্টি বাসীয়ে।সমষ্টি এৰি গুৱাহাটীত বিলাসিকতা জীৱন অতিবাহিত কৰি সমষ্টি বাসীক ঠেলি দিছে অন্ধকাৰ দিনলৈ।

মেটেকা জাপি হাজোত পথ মেৰামতি লোক নিৰ্মাণ বিভাগৰ...
ৰ্স্মাট মিটাৰৰ বিৰুদ্ধে ধেমাজিত প্ৰতিবাদঃ বিদ্যুৎ সংমণ্ডলৰ কাৰ্য্যালয় ঘেৰাও কৃষক মুক্তিৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in