ডিজিটেল সংবাদ,হাজোঃ অসমৰ মাটিত খিলঞ্জীয়া কৃষকক কোবাই মূৰ ফালিলে মিঞা দুৰ্বৃত্তই। হাজোৰ চৰ অঞ্চলত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা। জানিব পৰা মতে, হাজোৰ দোকনীয়া খালেকমাৰাৰ চৰত খিলঞ্জীয়া গো-পালক ৰামেশ্বৰ কলিতাৰ ওপৰত বৰ্বৰ আক্ৰমণ চলাই জাকিৰ আলী আৰু দুই দুৰ্বৃত্তই। ৰামেশ্বৰ কলিতাৰ নিজ কৃষি ভূমিত থকা কলপাত কটাত বাধা প্ৰদান কৰাৰ বাবে জাকিৰ আলী আৰু দুই দুৰ্বৃত্তই চোকা অস্ত্ৰৰে উপৰ্যুপৰি লোকজনক প্ৰহাৰ কৰে।
জাকিৰ আলীৰ নেতৃত্বত অহা দুৰ্বৃত্তৰ দলে ৰামেশ্বৰ কলিতাৰ গো পাঁমত থকা কৃষি ভূমিত অনাধিকাৰ প্ৰৱেশ কৰি ক্ষতিসাধন কৰাৰ লগতে কলগছ সমূহৰ বিস্তৰ ক্ষতিসাধন কৰে। এই দুষ্কাৰ্যত বাধা প্ৰদান কৰাৰ বাবে ৰামেশ্বৰ কলিতাক চোকা অস্ত্ৰৰে মুৰত আৰু দেহত উপৰ্যপুৰি আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰে জাকিৰ আলী আৰু দুই দুৰ্বৃত্তই।
এই ঘটনাৰ পাছতে এতিয়া প্ৰাণৰ শংকাত ভূগিছে গো পালন আৰু কৃষি কৰ্মৰ জৰিয়তে পৰিয়াল পোহ দিয়া সত্তোৰৰ্ধৰ গো পালক ৰামেশ্বৰ কলিতাই । খিলঞ্জীয়াৰ ওপৰত মিঞাৰ বৰ্বৰ আক্ৰমণৰ ঘটনাই এতিয়া সমগ্ৰ হাজোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰামেশ্বৰ দাসৰ পৰিয়ালৰ লোকে জাকিৰ আলী আলী আৰু দুই দুৰ্বৃত্তৰ বিৰুদ্ধে ৰামদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।