ডিজিটেল সংবাদ,হাজোঃ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ হাজোৰ বৰচলি মাউন্ট এভাৰেষ্ট ইংৰাজী বিদ্যালয়ে আনিছে এক আশাৰ ৰেঙনি। ক্ৰীড়াৰ জৰিয়তে বিশ্ব জয়ৰ সপোন হাজোৰ বিদ্যালয়খনৰ। বিদ্যালয়খনে লৈছে এক বিশেষ পদক্ষেপ।বিদ্যালয় খনত থকা চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীক অলিম্পিকত অনুষ্ঠিত হোৱা প্ৰায় বোৰ খেলৰ প্ৰশিক্ষণ দিছে বিদ্যালয় কৰ্তৃপক্ষই।
ৰাষ্ট্রীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ হতুৱাই বিভিন্ন খেলৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ছাত্ৰ-ছাত্ৰীক। বিদ্যালয় খনত খেল সপ্তাহ পাতি উন্নত মানৰ খেল প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিদ্যালয় কর্তৃপক্ষই। যিটো সময়ত খেলৰ জৰিয়তে অসমৰ নাম কেইবাজনো খেলুৱৈ উজলাই তুলিছে তেনে সময়ত হাজোৰ বৰচলি অঞ্চলৰ এইখন বিদ্যালয় কৰ্তৃপক্ষই লোৱা পদক্ষেপ আজিৰ তাৰিখত শলাগ ল'ব লগীয়া।
Also Read: যৌতুক বিচাৰি পত্নীক অত্যাচাৰ শিক্ষকৰূপী স্বামীৰঃ আৰক্ষীয়ে সহায় নকৰাৰ অভিযোগ