অবৈধ সুৰাৰ বিৰুদ্ধে হাজোৰ ৰাজপথত একাংশ মহিলাৰ ৰণচণ্ডী ৰূপ

অবৈধ সুৰাৰ বিৰুদ্ধে হাজোৰ ৰাজপথত একাংশ মহিলাৰ ৰণচণ্ডী ৰূপ
Published on
Updated on

ডিজিটেল সংবাদ,হাজোঃ "হাজোৰ মাজৰে নিচাযুক্ত সামগ্ৰী কঢ়িয়ালে কোবাই ভাঙিম। ৰজাই লৈ আহিলেও আমি কোবাই ভাঙিম।কাকো ৰেহাই নিদিওঁ। এই সংগ্ৰাম চলিছে যেতিয়া চলিবই"- হাজোত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে ক্ষুব্ধ একাংশ স্থানীয় মহিলা।

অবৈধ সুৰাৰ বিৰোধিতাৰে হাজোৰ ৰাজপথত ওলাই আহিল চাৰি শতাধিক মহিলা। ৰণচণ্ডী ৰূপ লৈ নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ বিৰোধিতা কৰা মহিলা সকলে অবৈধ সুৰা কঢ়িয়াই অনা গাড়ী জব্দ কৰি ৪ লক্ষ্য টকাৰ অবৈধ সুৰা নষ্ট কৰে। গাড়ীৰ দৰ্জা ভাঙি উত্তেজিত মহিলাই গাড়ীৰ ভিতৰতে কোবাই ভাঙিলে অবৈধ সুৰাৰ বটল সমূহ।

ইয়াৰোপৰি উত্তেজিত মহিলাই সুৰা কঢ়িয়াই অনা গাড়ী খনতো আক্ৰমণ কৰে। পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ AS01QC 7023 নম্বৰৰ গাড়ী আৰু চালক জনক উদ্ধাৰ কৰে। উল্লেখযোগ্য যে হাজোৰ এজন শিক্ষাবিদৰ পুত্ৰৰ ছাত্ৰছায়াত এই অবৈধ মদৰ ব্যৱসায় গঢ়ি উঠা বুলি গুৰুতৰ অভিযোগ কৰিছে হাজোৰ মহিলা সকলে।শিক্ষক পুত্ৰৰ লগত আৰক্ষী প্ৰশাসনৰ কি গোপন সম্পৰ্ক সেয়া অদ্যপি ৰহস্যজনক।

অবৈধ সুৰাৰ বিৰুদ্ধে হাজোৰ ৰাজপথত একাংশ মহিলাৰ ৰণচণ্ডী ৰূপ
চান্দমাৰীত নিচাযুক্ত সামগ্ৰীসহ দুই যুৱক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in