ইজৰাইলৰ প্ৰতিশোধঃ ঘৰৰ সৈতে উৰুৱাই দিলে হামাছৰ মুৰব্বীক ...

ইজৰাইলৰ প্ৰতিশোধঃ ঘৰৰ সৈতে উৰুৱাই দিলে হামাছৰ মুৰব্বীক ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ২০২৩ৰ ৭অক্টোবৰত হামাছে সৃষ্টি কৰা ৰক্তাক্ত পৰিৱেশৰ পোতক তুলিলে ইজৰাইলে। বিমান আক্ৰমণেৰে হামাছৰ মুৰব্বী ইছমাইল হানিয়াৰ সৈতে উৰুৱাই দিলে তেওঁৰ ঘৰ। হামাছৰ বিৰুদ্ধে ইজৰাইজৰ এয়া এক ডাঙৰ জয় বুলি অভিহিত কৰিব পাৰি।

ইৰানৰ ৰাজধান তেহৰানস্থিত ঘৰত থকাৰ সময়তে ইজৰাইলে এই বিমান আক্ৰমণ কৰি ইছমাইল হানিয়াক হত্যা কৰে। বুধবাৰে পুৱতি নিশা সংঘটিত হয় এই ভয়ংকৰ আক্ৰমণৰ ঘটনা। ইৰান সুৰক্ষা বিভাগে সদৰি কৰা অনুসৰি, এই আক্ৰমণত হামাছৰ মুৰব্বীগৰাকীৰ লগতে তেওঁৰ সৈতে থকা দেহৰক্ষী, সহকৰ্মীৰ মৃত্যু হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪ৰ এপ্ৰিল মাহত ইজৰাইল সেনাই ইছমাইল হানিয়াৰ ৩গৰাকী পুত্ৰকো হত্যা কৰিছিল। গাজা পট্টীত হোৱা এয়াৰষ্ট্ৰাইকত মৃত্যু হৈছিল হানিয়াৰ ৩গৰাকী পুত্ৰৰ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩ৰ ৭অক্টোবৰত হামাছে ইজৰাইলত চলাইছিল ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত ইজৰাইলৰ ১২০০গৰাকী লোকৰ মৃত্য়ু হৈছিল আৰু ২৫০গৰাকী লোকক বন্দী কৰিছিল হামাছে। বৰ্তমানেও ইয়াৰ ১৫০গৰাকী লোকক হামাছে বন্দী কৰি ৰাখিছে বুলি দাবী কৰে ইজৰাইলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in