ডিজিটেল ডেস্কঃ কেতিয়াও নভবা, নিচিন্তা কথা, কামবোৰ হৈ আছে। কোনোবাই, কেতিয়াবা ভাবিছিল নে ৰাষ্ট্ৰীয় পতাকাৰ ক'লা বজাৰ এখন হ'ব? ৰাষ্ট্ৰীয় পতাকাক দিনে, নিশাই উৰুৱাই ৰাখিব পাৰিব? নাই, হয়তো কোনোৱেই এই কথা আজিৰ পৰা এটা সপ্তাহ আগলৈকে চিন্তা কৰা নাছিল।
কোনেও চিন্তা কৰা নাছিল যদিও সেয়াই হ'ল। আজাদী কা অমৃত মহোৎসৱ উপলক্ষত তিনিদিনীয়াকৈ উদযাপিত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ বাবে চৰকাৰে ৰাষ্ট্ৰীয় পতাকাৰ বিভিন্ন নীতি-নিয়ম সলনি কৰি শিথিল কৰিলে। একেদৰে সৰ্বস্তৰৰ ৰাইজৰ বাবে ৰাষ্ট্ৰীয় পতাকা সহজেই উপলব্ধ কৰিব পৰাকৈ সুলভ মূল্যৰ দোকানতো ৰাষ্ট্ৰীয় পতাকা বিক্ৰীৰ ব্যৱস্থা কৰিলে।
১৮ টকাতে চৰকাৰে সাধাৰণ ৰাইজক ৰাষ্ট্ৰীয় পতাকা যোগান ধৰাৰ ব্যৱস্থা কৰিলে। যদিও এই পতাকাৰ মূল্য ১৮ টকা ধাৰ্য কৰা হ'ল তথাপিও অৱশ্যে ৰাইজে এই পতাকা ক'লা বজাৰত ৫০ ৰ পৰা ২০০/৩০০ টকা দি হে ক্ৰয় কৰিবলৈ সুবিধা পালে।
এতিয়া স্বাধাৱিকতে প্ৰশ্ন হয়, চৰকাৰে এইবাৰ স্বাধীনতা দিৱসত কিমান পতাকা বিক্ৰী কৰিলে? পতাকা বিক্ৰী কৰি কিমান ধন লাভ কৰিলে চৰকাৰে? এই প্ৰশ্নৰ উত্তৰ দিলে এক সংস্থাই। ভাৰতীয় ব্যৱসায়ী সন্থাই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কৰিয়েই ৫০০ কোটি টকা লাভ কৰিছে।
চৰকাৰে এইবাৰ বিক্ৰী কৰিলে ৩০ কোটি ৰাষ্ট্ৰীয় পতাকা। এই ৩০ কোটি পতাকা বিক্ৰী কৰি ৫০০ কোটি টকা লাভ কৰিছে। প্ৰায় ২০ দিনৰ ভিতৰত এই ৩০ কোটি পতাকা তৈয়াৰ কৰা হৈছিল।