মই সদায় ১ নম্বৰত থাকিব বিচাৰোঃ সমস্যাই জুৰুলা কৰা হাৰ্দিকে হাঁহি হাঁহি কিয় ক'লে এনেকৈ...

মই সদায় ১ নম্বৰত থাকিব বিচাৰোঃ সমস্যাই জুৰুলা কৰা হাৰ্দিকে হাঁহি হাঁহি  কিয় ক'লে এনেকৈ...
Published on
Updated on

ডিজিটেল ডেস্কঃ গৌতম গম্ভীৰে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে টি-২০ফৰ্মেটৰ অধিনায়কৰ দায়িত্ব হাৰ্দিক পাণ্ডিয়াৰ পৰা আঁতৰাই প্ৰদান কৰা হল সূৰ্যকুমাৰ যাদৱক। এই বিষয়টোক লৈ যথেষ্ট চৰ্চা হৈছিল।

বিশ্বকাপ-২৪ত উন্নত প্ৰদৰ্শন কৰাৰ পাছতো কিয় অধিনায়ক দায়িত্ব পাণ্ডিয়াৰ কান্ধৰ পৰা আঁতৰাই নিয়া হল তাক লৈ বহুজনে প্ৰশ্ন কৰিছে। ইফালে বহুতে এয়া সঠিক আৰু শুদ্ধ সিদ্ধান্ত বুলিও মত প্ৰকাশ কৰিছে। ইফালে ব্যক্তিগত জীৱনটো বৰ সুখকৰভাৱে পাৰ নোহোৱা হাৰ্দিক পাণ্ডিয়াই এই সমগ্ৰ বিষয়টোক লৈ কোনো মত প্ৰকাশ নাছিল।

কিন্তু শেহতীয়াকৈ টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰ গৰাকীয়ে এক অনুষ্ঠানত এই বিষয়টোৰ মুখনি মাৰিলে। ক্ৰিকেটাৰ গৰাকীয়ে পোনপতীয়াকৈ এই সংক্ৰান্ত সোধা প্ৰশ্নৰ উত্তৰ নিদিলেও আওপকীয়াকৈ কলে যে, খেলপথাৰত তিষ্ঠি থাকিবলৈ তেওঁ সকলো সময়তে ফিট। দায়িত্ব পোৱা নোপোৱাৰ কথা নাই মই সদায় ফিটনেছ তথা খেলক লৈ নম্বৰ-১ ত থাকিব বিচাৰো।

পাণ্ডিয়াই লগতে কয় যে, ক্ৰিকেট আৰম্ভ কৰোতে মই যিমান ফিটনেছক লৈ গুৰুত্ব দিছিলো, বয়স বাঢ়ি যোৱাৰ লগে লগে মই তাতোতকৈ অধিক সময় ফিটনেছত দিছো। গতিকে মোৰ খেল সদায়েই উন্নত কৰিবলৈ মই চেষ্টা কৰিম।‘ সাংবাদিকে বাৰে বাৰে হাৰ্দিকক অধিনায়কত্বৰ দায়িত্ব আতৰোৱাক লৈ প্ৰশ্ন কৰে যদিও এই প্ৰশ্ন কৌশলেৰে এৰাই চলে।

উল্লেখ কৰা প্ৰয়োজন যে, হাৰ্দিকৰ বৰ্তমান সময় বৰ সুখকৰ নহয়। কেইটামান দিনৰ আগতে পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ৰাজহুৱাকৈ ঘোষণা কৰিছিল ক্ৰিকেটাৰ গৰাকীয়ে। দুয়োৰে ভালৰ বাবে বহু চেষ্টা কৰিও সম্পৰ্কটো এক কৰি ৰাখিব নোৱাৰাৰ কথাও প্ৰকাশ কৰিছিল হাৰ্দিকে।

মই সদায় ১ নম্বৰত থাকিব বিচাৰোঃ সমস্যাই জুৰুলা কৰা হাৰ্দিকে হাঁহি হাঁহি  কিয় ক'লে এনেকৈ...
২০০বাৰতকৈ অধিক বাৰ আক্ৰমণ কৰা হুথি বিদ্ৰোহীৰ ওপৰত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in