হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ নিৰ্বাচনঃ প্ৰাৰম্ভিক পৰ্যায়ত কংগ্ৰেছৰ অগ্ৰগতি...

হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ নিৰ্বাচনঃ প্ৰাৰম্ভিক পৰ্যায়ত কংগ্ৰেছৰ অগ্ৰগতি...

author-image
Asomiya Pratidin
New Update
হাৰিয়ানা আৰু জম্মু-কাশ্মীৰ নিৰ্বাচনঃ প্ৰাৰম্ভিক পৰ্যায়ত কংগ্ৰেছৰ অগ্ৰগতি...

ডিজিটেল ডেস্কঃ আজি হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। পুৱা ৮ বজাৰ লগে লগে দুয়োখন বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ৯০ টা সমষ্টিৰ জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন ক্ৰমান্বয়ে ১৮ ছেপ্টেম্বৰ, ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল । ইফালে, হাৰিয়ানা বিধানসভাৰো ৯০ খন আসনৰ ভোটগ্ৰহণ ৫ অক্টোবৰত সমাপ্ত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, হাৰিয়ানাত প্ৰথমে পোষ্টেল বেলট গণনা কৰা হ'ব। তাৰ পিছত ইভিএমৰ ভোট গণনা কৰা হ'ব। ৰাজ্যখনত পুৱা ৯ বজালৈ প্ৰাৰম্ভিক অগ্ৰগতি লৈছে কংগ্ৰেছে। ৰাজ্যখনত এই পৰ্যন্ত বিজেপিয়ে ২৫, কংগ্ৰেছ ৫৪, আৰু অন্যান্য দলে ৫ খন আসন পাইছে। গণনা প্ৰক্ৰিয়া নিৰীক্ষণ কৰিবলৈ নিৰ্বাচন আয়োগে ৯০ গৰাকী পৰ্যবেক্ষক নিযুক্তি দিছে।

ইফালে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পুৱা ৮ বজাৰ লগে লগে জম্মু-কাশ্মীৰত ভোটগণনা আৰম্ভ হৈছে। হাৰিয়ানাৰ সমান্তৰালকৈ পুৱা ৯ বজালৈ জম্মু-কাশ্মীৰতো কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে। মুখ্য নিৰ্বাচনী বিষয়াৰ তথ্য অনুসৰি, বিজেপিয়ে ২৯,কংগ্ৰেছ ৪০ আৰু অন্যান্যই ৫খন আসন দখল কৰিছে। ডাক বেলটৰ গণনা পুৱা ৭.৩০ বজাৰ পৰাই আৰম্ভ হৈছে।

তেওঁ উল্লেখ কৰা মতে প্ৰতিখন জিলা সদৰতে ভোট গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইভিএমবোৰ কেইবা তৰপীয়া সুৰক্ষা ব্যৱস্থাৰ মাজত ৰখা হৈছে।এইখিনিতে উল্লেখ কৰা প্ৰয়োজন,নিৰ্বাচনৰ ফলাফলবোৰ ভাৰতৰ নিৰ্বাচন আয়োগৰ ৱেবছাইট http://results.eci.gov.in আৰু ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে উপলব্ধ হ'ব।

Also Read: অযোধ্যাৰ ৰাম মন্দিৰত ৰাসলীলা মণিপুৰৰ নৃত্যশিল্পীৰ

hariyana and jammu kashmir counting 2024