-
Oct 08, 2024 17:14 ISTহাৰিয়ানাত ৩৩খনত বিজেপি, ৩খনহে কম কংগ্ৰেছৰ
হাৰিয়ানা বিধানসভা নিৰ্বাচনত এতিয়ালৈকে বিজেপিয়ে ৩৩খন আসনত জয়ী হৈছে। বিপৰীতে কংগ্ৰেছে ৩খনত পিছপৰি এতিয়ালৈকে ৩০খন আসন দখল কৰিছে। একেদৰে জম্মু- কাশ্মীৰত জে কে এনে ৪১টা সমষ্টিত জয়ী হৈছে। তাৰোপৰি বিজেপিয়ে ২৯খন, কংগ্ৰেছ ৬খন, জে কে পি ডি পি ৩খন আসনত জয়ী হৈছে এতিয়ালৈকে। ইফালে নিৰ্দলীয়ই ৭টা সমষ্টিত জয়ী হোৱাৰ উপৰি জে পি চি, চি পি আই এম আৰু আপে ১টাকৈ সমষ্টিত জয়লাভ কৰিছে।
-
Oct 08, 2024 15:38 ISTজম্মু- কাশ্মীৰৰ দোদা সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থীৰ জয়লাভ
জম্মু- কাশ্মীৰৰ দোদা সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থীৰ জয়লাভ। মেহৰাজ মালিক নামৰ আপ সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে ২৩,২২৮টা ভোটত জয়ী হয়।
-
Oct 08, 2024 15:26 ISTজম্মু- কাশ্মীৰৰ ব’হু বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ বিক্ৰম ৰান্ধাৱাৰ জয়লাভ
জম্মু- কাশ্মীৰৰ ব’হু বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ বিক্ৰম ৰান্ধাৱাই জয়লাভ কৰে। তেঁও ১১,২৫১ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। জয়ৰ আনন্দত আনন্দিত হৈ বিজেপি প্ৰাৰ্থী বিক্ৰম ৰান্ধাৱাই কয়- মই এই বিজয় ব’হু বিধানসভা সমষ্টিৰ প্ৰতিজন বিজেপি কৰ্মীক উৎসৰ্গা কৰিছো। মোৰ এই বিজয়ত দলীয় কৰ্মী আৰু কাৰ্যকৰ্তাৰ অশেষ অৰিহণা আছে। জাতি- ধৰ্ম ভেদাভেদ নকৰি ৰাইজে মোক ভোট দিছে। মই তেঁওলোকৰ ওচৰত কৃতজ্ঞ।
#WATCH | Jammu: BJP's Vikram Randhawa wins from Bahu Assembly seat
He says, "I dedicate this victory to every BJP worker of the Bahu assembly constituency, they worked hard and we got votes from all areas. Hindus, Sikhs and Muslims all voted for us... I will ensure all-round… pic.twitter.com/p5GkpAmSZI— ANI (@ANI) October 8, 2024
-
Oct 08, 2024 14:55 ISTহাৰিয়ানাত ৯খনত কংগ্ৰেছ, বিজেপিৰ দখলত ৪টা সমষ্টি
হাৰিয়ানা বিধানসভা নিৰ্বাচনত এতিয়ালৈকে ৯খন আসনত জয়লাভ কৰিছে কংগ্ৰেছ সমৰ্থিত প্ৰৰ্থীয়ে। আনহাতে বিজেপিৰ দখলত ৪টা সমষ্টি। খাৰখুদা, চফিদন, জে আই এন ডি আৰু হান্সি সমষ্টিত বিজেপিয়ে জয়লাভ কৰে। অৱশ্যে ৪৩খন আসনত অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে। বিপৰীতে কংগ্ৰেছে ২৭খন আসনত অগ্ৰগতি লাভ কৰিছে।
-
Oct 08, 2024 14:41 ISTজম্মু- কাশ্মীৰৰ ২০খন আসনত জে কে এনৰ জয়লাভ, ১৫খনত বিজেপি
জম্মু- কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত ২০টা সমষ্টিত জে কে এনৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। আনহাতে ১৫টাত বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। তাৰোপৰি আই এন চি ৩খন, জে কে পি ডি পি ২খন আৰু নিৰ্দলীয়ই ৩টা সমষ্টিত জয়লাভ কৰিছে।
-
Oct 08, 2024 13:58 ISTজুলনা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী তথা মল্লযুঁজাৰু বিনেশ ফ’গাটৰ জয়লাভ
জুলনা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী তথা মল্লযুঁজাৰু বিনেশ ফ’গাটৰ জয়লাভ। প্ৰাৰ্থীগৰাকীয়ে ৬,০১৫টা ভোটৰ ব্যৱধানত জয়ী। তেঁও লাভ কৰা ভোটৰ সংখ্যা হৈছে ৬৫,০৮০টা।
-
Oct 08, 2024 13:28 ISTহাৰিয়ানাৰ ১টা সমষ্টিত বিজেপিৰ জয়লাভ
এতিয়ালৈকে হাৰিয়ানাৰ ১টা সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। বিজেপিৰ ডাঃ কৃষ্ণ লাল মিধাই ৬৮,৯২০ ভোট লাভ কৰি বিজয়ী হয়। আনহাতে আন এটা সমষ্টিত আফতাব আহমেদে জয়লাভ কৰে। কংগ্ৰেছ প্ৰাৰ্থী আফতাবে ৪৬৯৬৩ টা ভোটৰ ব্যৱধানত জয়ী হয়।
-
Oct 08, 2024 13:22 ISTজম্মু- কাশ্মীৰৰ ৫খন আসনত বিজেপিৰ জয়লাভ
জম্মু- কাশ্মীৰৰ ৫খন আসনত বিজেপিৰ জয়লাভ। এতিয়ালৈকে জম্মু- কাশ্মীৰৰ ৫খন আসনত বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। উধামপুৰ (পূব), চেনানি, বিল্লাৱাৰ, বাচোহলি, বাচোলি আৰু জম্মু পশ্চিম সমষ্টিৰ পৰা প্ৰাৰ্থী কেইগৰাকীয়ে জয়লাভ কৰে।
-
Oct 08, 2024 12:51 ISTহাৰিয়ানৰ জোলানা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী তথা মল্লযুঁজাৰু বিনেশ ফগাটৰ দ্ৰুত অগ্ৰগতি
জোলানা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী তথা মল্লযুঁজাৰু বিনেশ ফগাটে দ্ৰুত অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। তেঁও ১২-৪৮ বজালৈকে ৫৪,৫২৮টা ভোট লাভ কৰিছে। তেঁওৰ অগ্ৰগতিৰ ব্যৱধান ৪,৬৮৪টা ভোট।
-
Oct 08, 2024 12:40 ISTজম্মু- কাশ্মীৰৰ গুৰেজ সমষ্টিৰ পৰা নাজিৰ আহমেদ খানৰ জয়লাভ
জম্মু- কাশ্মীৰৰ গুৰেজ সমষ্টিৰ পৰা নাজিৰ আহমেদ খানৰ জয়লাভ। তেঁও জে কে এন চিৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ১১৩২ টা ভোটৰ ব্যৱধানত জয়ী হয়। তেঁও লাভ কৰে ৮, ৩৭৮ টা ভোট।
-
Oct 08, 2024 12:30 ISTজম্মু -কাশ্মীৰৰ বাচোহলি সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী দৰ্শন কুমাৰৰ জয়লাভ
জম্মু- কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত বাহচোলি সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থীৰ জয়লাভ। সমষ্টিটোৰ পৰা দৰ্শন কুমাৰে কংগ্ৰেছৰ লাল সিঙক ১৬,০৩৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে। দৰ্শনে ৩১,৮৭৪ টা ভোট লাভ কৰি বিজয়ী হয়।
-
Oct 08, 2024 12:19 ISTজম্মু -কাশ্মীৰৰ কুলগাম সমষ্টিত মহম্মদ ইউচুফৰ দ্ৰুত অগ্ৰগতি
জম্ম- কাশ্মীৰৰ কুলগাম সমষ্টিত চি পি আই এমৰ প্ৰাৰ্থী মহম্মদ ইউচুফ তাৰিগামীৰ অগ্ৰগতি লাভ। তেঁও ৩৯৩৮ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। তেঁওৰ নিকটম প্ৰতিদ্বন্দ্বী ছায়াৰ আহমেদ ৰেছীয়ে এতিয়ালৈকে ৬৫১৮ ভোট লাভ কৰিছে।
-
Oct 08, 2024 12:08 ISTজম্মু -কাশ্মীৰত কংগ্ৰেছ মিত্ৰজোঁটৰ অগ্ৰগতি
জম্মু-কাশ্মীৰত আকৰ্ষণীয় হৈ উঠিছে বিজেপি আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ নিৰ্বাচনী যুঁজ। দিনৰ ১২-০০ বজলৈকে ৰাজ্যখনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে।
-
Oct 08, 2024 11:52 IST৩৮টা ভোটত আগবাঢ়িল বিনেশ ফ'গাট
জোলানা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা মল্লযুঁজাৰু বিনেশ ফগাটে ৩০,৩০৩ টা ভোট লাভ কৰিছে। তেঁওৰ নিকটতম প্ৰতিদ্বন্দ্বী যোগেশ কুমাৰ ৩০,২৬৫টা ভোট লাভ কৰিছে। ৩৮ টা ভোট আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী বিনেশ ।
LIVE UPDATE : হাৰিয়ানাত ৩৩খনত বিজেপি, ৩খনহে কম কংগ্ৰেছৰ...
LIVE UPDATE : হাৰিয়ানাত ৩৩খনত বিজেপি, ৩খনহে কম কংগ্ৰেছৰ...
New Update