হাটশিঙিমাৰী জিলা চিকিৎসালয়ত দিব্যাংগ চিনাক্তকৰণ শিবিৰ

 আজি সন্ধিয়া ৫ বজাত প্ৰথম দিনৰ শিবিৰ সমাপ্ত হোৱাৰ পাচত কাইলৈ পুনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হব। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা শিবিৰ কাইলৈ সন্ধিয়া ৫ বজাত সামৰণি পৰিব।

author-image
Asomiya Pratidin
New Update
werwr

ডিজিটেল সংবাদ,মানকাচাৰঃ দক্ষিণ শালামাৰা-মানকাচৰ জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে আজি হাটশিঙিমাৰী জিলা চিকিৎসালয়ত দিব্যাংগ চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত কৰে। 

উল্লেখযোগ্য যে, বিভিন্ন দূৰ্ঘটনাত ঘনীভূত হৈ দিব্যাংগত পৰিণত হোৱা ব্যক্তিৰ লগতে শাৰীৰিক, মানসিক, কানৰ সমস্যা থকা লোকক আজিৰ শিবিৰৰ জৰিয়তে চিনাক্ত কৰা হয়। জিলা চিকিৎসালয়ৰ চিকিৎসক  সকলৰ লগতে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ পৰা অহা একাংশ বিষয়াৰ উপস্থিতিত পুৱাৰে পৰা শিবিৰ অনুষ্ঠিত কৰি থকা হৈছে।

 আজি সন্ধিয়া ৫ বজাত প্ৰথম দিনৰ শিবিৰ সমাপ্ত হোৱাৰ পাচত কাইলৈ পুনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হব। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা শিবিৰ কাইলৈ সন্ধিয়া ৫ বজাত সামৰণি পৰিব।

শিবিৰৰ জৰিয়তে চিনাক্ত হোৱা দিব্যাংগ ব্যক্তি সকলক এখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হব। তদুপৰি প্ৰয়োজন সাপেক্ষে এনে শাৰিৰীক ভাৱে সক্ষম লোকক বিভিন্ন সা-সজুলি প্ৰদান কৰা হব বুলি শিবিৰত উপস্থিত থকা চিকিৎসম ডা০ আনোৱাৰুল জানিবলৈ দিছে।

হাটশিঙিমাৰী