হাওৰাঘাটত সজাগতা সভা অনুষ্ঠিত: মুখ্যমন্ত্ৰীক নিচাযুক্ত দ্ৰব্য বন্ধ কৰাৰ আহ্বান

হাওৰাঘাটত সজাগতা সভা অনুষ্ঠিত: মুখ্যমন্ত্ৰীক নিচাযুক্ত দ্ৰব্য বন্ধ কৰাৰ আহ্বান
Published on
Updated on

ডিজিটেল সংবাদ,হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰাংগণত হাওৰাঘাট শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত সোমবাৰে সমাজব্যাধি ড্ৰাগছ আৰু মদ নিচাযুক্ত দ্ৰব্যৰ ওপৰত সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে হাওৰাঘাট শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী কল্পনা বৰাই।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা মঞ্জু হাজৰিকাই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি ভৱেন কোচ, প্ৰাক্তন সভাপতি ভৱেশ ৰাজবংশী, হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য বিমল ধৰ, হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়া উপস্থিত থাকে।

লগতে বকলীয়াঘাট লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী জনতা শইকীয়া, বকলীয়াঘাট প্ৰগতিশীল নাৰী সংগঠনৰ সম্পাদিকা প্ৰণতি হাজৰিকা, হাওৰাঘাট নগৰ পৌৰসভাৰ অধ্যক্ষ বিদ্যা টেৰণ, স্বপ্না সৰকাৰ আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সকলৰ লগতে হাওৰাঘাট লেখিকা সমাৰোহ সমিতিৰ সদস্যাসকল উপস্থিত থাকে। সভাৰ জৰিয়তে উপস্থিত বক্তাসকলে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in