প্ৰধান মন্ত্ৰীৰ ওপজা দিন উপলক্ষে ৩০টাকৈ স্বাস্থ্য পৰীক্ষা শিবিৰ...

বিনামূলীয়াকৈ প্ৰয়োজনীয় দৰৱ প্ৰদান

author-image
Asomiya Pratidin
New Update
প্ৰধান মন্ত্ৰীৰ ওপজা দিন উপলক্ষে ৩০টাকৈ স্বাস্থ্য পৰীক্ষা শিবিৰ...

health camp

ডিজিটেল সংবাদ,নগাঁওঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি সেৱা পষেক কাৰ্যসূচীৰ অংশ হিচাপে যোৱা ২২ চেপ্তেম্বৰৰ পৰা ২৪ চেপ্তেম্বৰলৈকে ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতি মৰ্চা, চাহ জনগোষ্ঠী মৰ্চা, স্বাস্থ্য সেৱা কোষ তথা জিলা খনৰ ১২ টাকৈ মণ্ডলৰ সহযোগত সৰ্বমুঠ ৩০ টাকৈ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে ।

আটাইকেইটা স্বাস্থ্য শিবিৰত সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিয়ে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে তেখেতসকলক বিনামূলীয়াকৈ প্ৰয়োজনীয় দৰৱ প্ৰদান কৰে।

নগাঁও সদৰ মণ্ডলৰ বীণাপাণি নাট্য মন্দিৰত শণিবাৰেও স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় ৷ শিবিৰত ভাৰতীয় জনতা পাৰ্টি অসম ৰাজ্যিকৰ সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা , জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ , নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাৰ লগতে জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰঞ্জিত কুমাৰ বৰদলৈ উপস্থিত থাকে ৷

উল্লেখ্য যে শণিবাৰে ৰহা নগৰ মণ্ডলৰ মধ্য টুপাকুচিত আন এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় ৷

modi birthday health camp