গৰমে দহিছে অৰুণাচলবাসীক: উৎকট গৰমত ৰখাই থোৱা অৱস্থাতে জ্বলিল মটৰ চাইকেল

গৰমে দহিছে অৰুণাচলবাসীক: উৎকট গৰমত ৰখাই থোৱা অৱস্থাতে জ্বলিল মটৰ চাইকেল
Published on
Updated on

ডিজিটেল সংবাদ, ইটানগৰ: উৎকট গৰমে দহিছে অসমবাসীক। সাৰি যোৱা নাই পাহাৰীয়া অঞ্চল অৰুণাচল প্ৰদেশো। পাহাৰীয়া ৰাজ্যখনতো এইদৰে অস্বাভাৱিকভাৱে তাপমান বৃদ্ধি হোৱাত সৰ্বসাধাৰণ জনতা পৰিশ্ৰান্ত হৈছে। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত শনিবাৰে তাপমান ৩৮ ডিগ্ৰীলৈ বৃদ্ধি পাইছে। দেশৰ ভিতৰতে "পাৱাৰ হাউচ" বুলি গৌৰৱ কৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ বহু ঠাইত ঘন্টাৰ পাছত ঘন্টা ধৰি লোড শ্বেডিং হৈছে।

শনিবাৰে পুৱাৰ ৫বজাৰ পৰা ইটানগৰৰ শক্তি মন্ত্ৰী চাওনা মেইনৰ চৰকাৰী বাসগৃহকে ধৰি মন্ত্ৰীসকলৰ চৰকাৰী আৱাসিক এলেকাত দিনৰ ২:১৫মিনিটলৈ বিদ্যুৎ যোগান ব্যাহত হৈ আছে। ১২০০মেগাৱাটতকৈও বেছি জলবিদ্যুৎ উৎপাদন কৰা ৰাজ্যখনত বিদ্যুতৰ নাটনি হোৱা ঘটনাই চকু কপালত তুলিছে ৰাজ্যবাসীৰ।

শনিবাৰে ইটানগৰত পাৰাস্তম্ভই ৩৮ডিগ্ৰী স্পৰ্শ কৰাৰ সময়তে ৰাজ্যখনৰ চাংলাং জিলাৰ পৰা আহিছে উৎকট গৰমত ঘৰৰ সন্মুখত ৰখাই থোৱা এখন মটৰ চাইকেল নিজে নিজে জ্বলি যোৱাৰ এক ভয়ংকৰ বাতৰি। জানিব পৰা মতে চাংলাং বজাৰ এলেকাত ৰখাই থোৱা মটৰ চাইকেল এখনত অতৰ্কিতে জুই জ্বলি উঠে।

মাত্ৰাধিক গৰমৰ বাবেই টেংকিৰ পেট্ৰল জ্বলি যায় বুলি সন্দেহ কৰা হৈছে। শনিবাৰে দুপৰীয়া সংঘতিত হোৱা ঘটনাৰ পাছত চহৰখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

গৰমে দহিছে অৰুণাচলবাসীক: উৎকট গৰমত ৰখাই থোৱা অৱস্থাতে জ্বলিল মটৰ চাইকেল
ৰাজ্যত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in