ডিজিটেল ডেস্ক : অৰুণাচল প্ৰদেশত উত্তেজিত সীমান্ত । টাৱাঙত চীনা-ভাৰতীয় সৈন্যৰ তুমুল সংঘৰ্ষৰ মাজতেই আজি সংসদৰ শীতকালীন অধিৱেশনত আৰম্ভ হ'ব প্ৰতিবাদ । ভাৰতীয় জাতীয় কংগ্ৰেছে এই সন্দৰ্ভত সংসদত উত্থাপন কৰিব প্ৰশ্ন ।
উল্লেখ্য যে, যোৱা ৯ ডিছেম্বৰত টাৱাঙত ভাৰতীয় ভূমিত প্ৰৱেশৰ চেষ্টা চলাইছিল চীনা সেনাই । যাৰ বাবে সংঘটিত হোৱা সংঘৰ্ষত ভাৰতীয় সীমান্তৰক্ষীৰ ওপৰত জপিয়াই পৰিছিল ৬ শতাধিক চীনা সেনাই ।
এই সন্দৰ্ভত ভাৰতীয় জাতীয় কংগ্ৰেছে উত্থাপন কৰা গোচৰ অনুসৰি, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰ খনে সততেই সীমান্ত বিবাদৰ ঘটনা সমূহৰ বাতৰি প্ৰকাশ কৰিব নিবিচাৰে আলোচনাৰ আশংকাত । ইয়াৰ ওপৰিও বিজেপিৰ বিফলতা লুকুৱাই ৰখা স্বভাৱৰ ফলতেই ভাৰতীয় সেনা সকলে ফল ভুগিব লগীয়া হৈছে বুলিও জনাই কংগ্ৰেছে ।
আনহাতে কেৱল কংগ্ৰেছেই নহয় বৰং হায়দাৰাবাদৰ সাংসদ আছাওদ্দিন অৱেছিয়েও সমগ্ৰ দেশক ৯ ডিছেম্বৰৰ পৰা দেশবাসীক অন্ধকাৰত কিয় ৰখা হৈছিল বুলিও প্ৰশ্ন কৰে শাসনাধিষ্ঠ চৰকাৰক ।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বিজেপি চৰকাৰে সীমান্তত চীনা সেনাৰ আগ্ৰাসনৰ কথা ২০২০ বৰ্ষৰে পৰাই দেশবাসীৰ পৰা লুকুৱাই ৰখা বুলিও অভিযোগ উত্থাপন কৰে ।
আৰু পঢ়ক : অৰুণাচলৰ ভাৰত-চীন সীমান্তত সংঘাতঃ আহত হৈছে ৩০ জন ভাৰতীয় সেনা...