চতিয়াত জঘন্য কাণ্ড : তিনি সন্তানৰ পিতৃৰ কামনাৰ বলি হ’ল নাবালিকা

চতিয়াত জঘন্য কাণ্ড : তিনি সন্তানৰ পিতৃৰ কামনাৰ বলি হ’ল নাবালিকা

author-image
Asomiya Pratidin
New Update
চতিয়াত জঘন্য কাণ্ড : তিনি সন্তানৰ পিতৃৰ কামনাৰ বলি হ’ল নাবালিকা

ডিজিটেল সংবাদ, জামুগুৰিহাট : চতিয়াৰ চেঙামাৰীত সংঘটিত হৈছে এক জঘন্য কাণ্ড। তিনি সন্তানৰ পিতৃ তথা ৪৫ বছৰীয়া এজন ব্যক্তিৰ কামনাৰ বলি হৈছে নাবালিকা ৷ পাষাণ লোকজনৰ নাম হৈছে ধৰ্মেন্দ্ৰ ৰাভা। কামনাৰ বলি হোৱা নাবালিকাগৰাকীৰ বয়স ১৭ বছৰ।

জানিব পৰা মতে ভুক্তভোগী নাবালিকা‌গৰাকী এতিয়া ৫ মহীয়া অন্তঃসত্ত্বা। ইফালে এই ঘটনা পোহৰলৈ অহাৰ পাছতে লম্পট ধৰ্মেন্দ্ৰ ৰাভাই পলায়ন কৰিছে। ইফালে ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালবৰ্গই ইটাখোলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰিছে ৷

Also Read: ৰাজ্যৰ ৫ বিধানসভা উপ- নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰিব আজি

Assam police crime