ডিজিটেল সংবাদ, বিহালী : বিশ্বনাথত সংঘটিত হৈছে এক বৰ্বৰ ঘটনা। এজন চোৰক ধৰি বান্ধি সম্পূৰ্ণ তালিবানী কায়দাৰে গৰম ইস্ত্ৰীৰে জ্বলালে চোৰৰ দেহ। এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ অসম- অৰুণাচল সীমান্তৰ দিৰিং চাহ বাগিচাত।
জানিব পৰা মতে বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি নিৰঞ্জন ৰাওতিয়া দুদিন পূৰ্বে নিজৰে সম্পৰ্কীয় ভাতৃক ঘৰত চুৰি কৰাৰ অপৰাধত নিজৰ ঘৰতে চৌকাঠত শোৱাই, বান্ধি দিৰিং অফিচ লাইনৰ আনাম ৰাওতিয়াৰ ওপৰত চলাইছিল নিৰ্মম অত্যাচাৰ। বিচনাত হাত-ভৰি বান্ধি, পেট, বুকুত লগাই দিয়া দিছিল গৰম ইস্ত্ৰী৷
আনকি চুৰি কৰা ধন আৰু সামগ্ৰী ঘূৰাই দিয়াৰ বাবে প্ৰতিশ্ৰুতি পত্ৰত স্বাক্ষৰ কৰিবৰ বাবে এইদৰে অমানুষিক শাস্তি প্ৰদান কৰিছিল যুৱকজনক। এই ঘটনা পোহৰলৈ অহাৰ পিছতে বুধবাৰে নিশা বিশ্বনাথ জিলা আৰক্ষীৰ দলে ইতিমধ্যে ঘটনাৰ সৈতে জড়িত নিৰঞ্জন ৰাউতীয়া আৰু চৰকাৰী গাঁও প্ৰধান ৰমেশ ৰাউতীয়াক গ্ৰেপ্তাৰ কৰিছে৷
আনহাতে চুৰি কাৰ্যত লিপ্ত থকা আনাম ৰাওতিয়া বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে। এই খবৰসহ ভিডিঅ’ বিয়পি পৰাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বনাথত।