ডিজিটেল ডেস্কঃ প্ৰবীণ অভিনেতা তথাঁ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ স্বাস্থ্য অতি সংকটজনক। দুদিনৰ পূৰ্বে দিছপুৰ হস্পাতালত ভৰ্তি কৰা অভিনেতাগৰাকীক বৰ্তমান ভেন্টিলেশ্যনত ৰখা হৈছে।
চিকিৎসকে জানিবলৈ দিয়া মতে, ৯৬বছৰীয়া ভট্টাচাৰ্যৰ দেহৰ প্ৰায়বোৰ অংগ বিকল হৈ পৰিছে। চিকিৎসকে তেওঁক সুস্থ কৰিবলৈ যথোপৰনাস্তি চেষ্টা চলাইছে যদিও চিকিৎসাৰ প্ৰতি তেওঁৰ দেহে কোনো সহাঁৰি দিয়া নাই।
অবিবাহিত অভিনেতাগৰাকী বিভিন্ন স্থানত থকা আত্মীয়সকল ভট্টাচাৰ্যৰ অসুস্থতাৰ খবৰ পাই চিকিৎসালয়ত ভিৰ কৰিছেহি। অভিনেতাগৰাকীৰ গুণমুগ্ধ সকলেও তেওঁৰ আশু আৰোগ্য কামনাৰে নেদেখাজনক প্ৰাৰ্থনা কৰিছে।
উল্লেখযোগ্য যে, তেওঁৰ এবছৰৰ পূৰ্বেই তেওঁৰ দেহ ইলোৰা বিজ্ঞান মঞ্চলৈ দান কৰিছিল। পৰিয়ালৰ সৈতে চিকিৎসকে ইতিমধ্যে তেওঁৰ স্বাস্থ্য সন্দৰ্ভত নিৰন্তৰ আলোচনা চলাই আছে।