ডিজিটেল ডেস্কঃ ঝাৰখণ্ড ৰাজনীতিৰ ভৱিষ্যতকলৈ নামি আহিছে অনিশ্চয়তা। আজি মুখ্যমন্ত্ৰী হেমন্ত সোৰেণৰ বাসগৃহত বিধায়ক সকলক লগতলৈ ৰাজনৈতিক সংকট সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। তাৰ কিছুসময় পাছতে মুখ্যমন্ত্ৰী হেমন্ত সোৰেণসহ শাসকীয় বিধায়ক সকল তিনিখন বাছেৰে যাত্ৰা কৰে অজ্ঞাত স্থানলৈ। জানিবলৈ পৰা মতে সংবাদ মাধ্যমৰ কৰ্মী সকলক এই বিষয়ৰ পৰা ঝাৰখণ্ড আৰক্ষী-প্ৰশাসনে বিৰত ৰাখিছে।
জানিব পৰা মতে বিধায়ক ক্ৰয়ৰ আশংকাতে বিধায়ক সকলক অজ্ঞাত স্থানলৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে ক'লৈ যাত্ৰা কৰিছে সেই সম্পৰ্কে বাতৰি লিখা পৰলৈ কোনো তথ্য প্ৰকাশ হোৱা নাই।
আৰু পঢ়কঃ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শ্ৰীধৰণ শ্ৰীৰামক বাংলাদেশ ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি…