"তাঁতশালখনৰ প্ৰকৃত প্ৰয়োগে নিবনুৱা সমস্যা ৰোধত ব্যাপক ভূমিকা ল'ব"- ৰঙালীৰ মঞ্চৰ পৰা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ আহ্বান

"তাঁতশালখনৰ প্ৰকৃত প্ৰয়োগে নিবনুৱা সমস্যা ৰোধত ব্যাপক ভূমিকা ল'ব"- ৰঙালীৰ মঞ্চৰ পৰা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ আহ্বান
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটীঃ লোকে লোকাৰণ্য ৰঙালীৰ থলীত বৈচিত্ৰময় সংস্কৃতিৰ প্ৰদৰ্শন আৰু থলুৱা সামগ্ৰীৰ পয়োভৰত আপ্লুত পৰ্যটক। প্ৰথম দিনাৰ সফল সমাপ্তিৰ পাছত দ্বিতীয় দিনাও ৰঙালীৰ থলী উৎসৱ মুখৰ হৈ পৰা দৃষ্টিগোচৰ হ'ল। ভকেল ফৰ লকেল মন্ত্ৰৰে আগবঢ়া ৰঙালীয়ে আৰম্ভণিৰে পৰাই থলুৱা উদ্যমীতাৰ প্ৰসাৰৰ প্ৰচেষ্টাৰে বিশেষ পদক্ষেপ লৈ আহিছে।

শনিবাৰে ৰঙালীৰ দ্বিতীয় দিনাৰ অনুষ্ঠানত উদ্যমীতাৰ জগতখনলৈ বিশেষভাৱে অৱদান যোগোৱা ১০গৰাকীকৈ উদ্যোগীক ৰঙালী উদ্যমীতা বঁটাৰে সন্মানিত কৰা হয়। অশোক পানচাৰীলৈ জীৱনজোৰা সাধনা উদ্যমীতা বঁটা আগবঢ়োৱা হয়।

'নামেৰি টি'ৰ উদ্যোগীসকল পদ্ম হাজৰিকা, দেৱজিত কলিতা, বিকাশ কাশ্যপ, বিনবেগ এনৰ্ভাণ্টামেণ্টেলৰ অচিত্ৰ বৰগোঁহাই, এভগ্ৰেড চিষ্টেম প্ৰাইভেট লিমিটেডৰ মানস প্ৰতীম ভূঞা, নিলোৎপল চৌধুৰী, প্ৰডিজিৰ নিতিন জৈন, কৃষিকৰ্মৰে আদৰ্শ হৈ পৰা খেতিয়ক নৱনিধি গগৈ, সংগীত জগতৰ টাৰছেন মিটাল, প্ৰতিদিনৰ ক্ষ্মীতাক্ষী বি গোস্বামী, প্ৰগতি হোটেলৰ জয়ন্ত দত্ত, ঠিকাদাৰ অনিল দাসলৈ আগবঢ়োৱা হয় ২০২৪ বৰ্ষৰ ৰঙালী উদ্যমীতা বঁটা।

ৰঙালীৰ লোক মঞ্চত শনিবাৰে অসমৰ জাতি জনগোষ্ঠীৰ নৃত্য-গীতৰ বাৰে ৰহনীয়া অনুষ্ঠান পৰিৱেশনে পৰ্যটকক মন্ত্ৰমুগ্ধ কৰি ৰাখে। এই অনুষ্ঠানত আজিৰ বিশেষ আকৰ্ষণ হৈ পৰে চুতীয়াসকলৰ যঁজা নৃত্য, পানী তোলা নৃত্য, হুৰাই ৰাঙলী বিহু, মিচিংসকলৰ লোক নৃত্য, মৰাণসকলৰ ৰণুৱা নৃত্য, লগ বিহু, কুলাবুঢ়ী নৃত্য, মহেন্দ্ৰ চুতীয়াৰ ঢোলবাদন, কোঁচ ৰাজবংশীসকলৰ লোক নৃত্য, মটকসকলৰ কুলা বুঢ়ী নৃত্য, গছ তলৰ বিহু, একশৰণ ভাগৱতী সমাজৰ কৃষ্ণ নৃত্য, বৰগীত, সাংস্কৃতিক মহা সংগ্ৰামৰ বিজয়ীসকলৰ প্ৰদৰ্শন, গোৰ্খা সাংস্কৃতিক দলৰ লোক নৃত্য, সোণোৱাল কছাৰীৰ প্ৰদৰ্শনৰ লগতে কিশলয় গোষ্ঠীৰ বিহু নৃত্য।

২১ আৰু ২২ জুনৰ দুয়োটা দিনতেই ৰঙালীৰ আন এক মুখ্য কেন্দ্ৰবিন্দু হৈ পৰিছে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ তাঁতশাল আৰু তেওঁৰ শিল্প। পৰ্যটকসকলে তাতঁশালখনৰ সন্মুখত ব্যাপক ভিৰ কৰা দেখিবলৈ পোৱা গ'ল। পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ ভাষ্য অনুসৰি, অতীতক আমি পাহৰিব বিচাৰিলেও অসমীয়া তাঁতৰ শালখনক কেতিয়াও এৰাই চলিব নোৱাি।

তেওঁ কয় যে তাঁতৰ শালখন আমাৰ বাপোতিসাহোন সম্পদ। তাঁতৰ শালখনতে এসময়ত ধূতি, পাঞ্জাবী, চেলেং, খনীয়া কাপোৰ, বৰ কাপোৰ আনকি আঠুৱাখনো বৈছিলো। দ্বিতীয় আৰু তাতোকৈও ডাঙৰ কথাটো হ'ল যে যি সময়ত নিবনুৱা সমস্যা দ্ৰুত গতিত বাঢ়ি ভয়ংকৰ ৰূপ লৈছে। সেই সময়ত এই তাঁতশালখনৰ জৰিয়তে স্বাৱলম্বীতাৰ এক সুন্দৰ পথ মুকলি হৈ আছে। কাপোৰ যিহেতুকে লাগিবই গতিকে আমাক তাঁতশালখন কিয় নালাগিব? গতিকে আমাৰ নৱপ্ৰজন্মই তাঁতশালখন গুৰুত্ব সহকাৰে ল'ব লাগে। ইয়াকে বৃত্তি হিচাপে লৈ এজন আগবাঢ়িলে তেওঁৰ লগত আৰু পঞ্চাশজন নিয়োজিত কৰিব পাৰিব। তাৰ কাৰণে চৰকাৰে সহায় কৰিব লাগিব, চৰকাৰে তেনে পদক্ষেপ ল'ব লাগিব, আঁচনি ল'ব লাগিব। যদি সেয়ে হয় তেতিয়া আমাৰ তা‍ঁতশালখন পুনৰ ব্যৱহৃত হৈ উঠিব। প্ৰশিক্ষণৰ ক্ষেত্ৰত চৰকাৰে ভূমিকা ল'ব লাগিব। মোক যদি এখন প্ৰশিক্ষণ কেন্দ্ৰ চৰকাৰে দিয়ে তাত তাঁত ববলৈ শিকোৱাৰ উপৰিও মোৰ হাতত যি কৌশল আছে সেয়া যদি মই দিব পাৰিম। তেতিয়াহে তাঁতশালত সকলো কৰিব পাৰে বুলি কোৱা কথাষাৰ প্ৰতিপন্ন হ'ব। মোক মানুহে বহু মৰম দিছে কিন্তু মই আহ্বান জনাম যে ব্যক্তিক নহয় সম্পদ আৰু সম্পদৰ সংৰক্ষণত গুৰুত্ব দিয়ক।

সংগীতৰ ক্ষেত্ৰখনত নতুনত্বৰ সংযোজন আৰু নতুন প্ৰতিভাৰ বিকাশ তথা ডিজিটেল পৃথিৱীখনৰ লগত গতি কৰিবলৈ সংগীতৰ ক্ষেত্ৰখনত কৰিবলগীয়া কাৰ্যপন্থা সন্দৰ্ভত ৰঙালীত ৰঙালী মিউজিক কানেক্ট নামৰ এটা অনুষ্ঠান কৰা হয়। অনুষ্ঠানটোত সংগীত জগতৰ বহুকেইজন মুধা ফুটা ব্যক্তিয়ে অংকগ্ৰহণ কৰি উপস্থিতসকলৰ সৈতে মতৰ আদান প্ৰদান কৰে।

সেইসকলৰ ভিতৰত আছে টাৰছেম মিট্টাল, ৰুমোৱা বেনাৰ্জী, আয়ুষ্মান সিনহা, যতীন শৰ্মা আৰু অন্যান্যসকল। ৰঙালীত দুশৰো অধিক থলুৱা বিপনীৰ লগতে থলুৱা সামগ্ৰীয়ে টানি অনা গ্ৰাহকৰ সংখ্যা আছিল সহস্ৰাধিক। অসমৰ থলুৱা সামগ্ৰীৰ প্ৰতি জনসাধাৰণৰ এনে আগ্ৰহ অসমৰ অৰ্থনীতিৰ বাবে নিশ্চয় এক শুভ সংকেত।

শনিবাৰে সন্ধিয়া অনুষ্ঠিত কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ হৈ পৰে এনিমেল ছবিত গীত পৰিবেশন কৰা ৰাঘৱ চৈতন্যৰ প্ৰদৰ্শন। লগতে বনশ্ৰী শইকীয়া, ই এচ ছি(বয় বেণ্ড), কৃষাণু দেৱ ৰয়, ৰাহুল ৰাজখোৱা, শ্বেলুলাম লামা, এম চি হিমৰ সংগীতত শ্ৰোতাই আনন্দৰ লহৰ তোলে।

"তাঁতশালখনৰ প্ৰকৃত প্ৰয়োগে নিবনুৱা সমস্যা ৰোধত ব্যাপক ভূমিকা ল'ব"- ৰঙালীৰ মঞ্চৰ পৰা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ আহ্বান
NEET-UGC কেলেংকাৰীৰ দায়িত্ব স্বীকাৰ কৰি দেশৰ শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী অজাপৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in