জোনাইত বৃদ্ধি পাইছে হেপাটাইটিছ চি-এইছ আই ভি পজিটিভৰ সংখ্যা...

জোনাইত বৃদ্ধি পাইছে হেপাটাইটিছ চি-এইছ আই ভি পজিটিভৰ সংখ্যা...
Published on
Updated on

ডিজিটেল সংবাদ, জোনাই: ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমাৰ নিচামুক্তি কেন্দ্ৰসমূহৰ এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। জোনাইৰ নিচামুক্তি কেন্দ্ৰসমূহৰ এই ভয়ংকৰ তথ্যই সচেতন মহলক গভীৰ উদ্বেগ কৰি তুলিছে। জোনাইৰ ৬টা নিচামুক্তি কেন্দ্ৰত আশ্ৰয় লৈ চিকিৎসা গ্ৰহণ কৰি থকা লোকৰ শৰীৰত পোৱা গৈছে মাৰাত্মক ৰোগ।

নিচামুক্তি কেন্দ্ৰত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে হেপাটাইটিছ চি আৰু এইছ আই ভিৰ পজিটিভৰ সংখ্যা। জোনাই মহকুমা স্বাস্থ্য বিষয়া ডা: চন্দ্ৰকান্ত মিলিয়ে জানিব দিয়ামতে মে' মাহৰ তথ্যমতে জোনাইৰ ৬টা নিচামুক্তি কেন্দ্ৰত থকা লোকৰ প্ৰায় ৯০ শতাংশ মাৰাত্মক হেপাটাইটিছ চি আৰু প্ৰায় ১০ শতাংশ লোকৰ এইছ আই ভিৰ পজিটিভ দেখা দিছে। জোনাই মহকুমাৰ নিচামুক্তি কেন্দ্ৰবোৰত এনেদৰে উদ্ধেগজনকভাৱে হেপাটাইটিছ চি আৰু এইছ আই ভিৰ পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাকলৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ডাঃ চন্দ্ৰকান্ত মিলিয়ে জানিব দিয়ামতে ড্ৰাগছ আসক্ত লোকসকলে একেটা বেজীৰে শৰীৰত ড্ৰাগছ গ্ৰহণ কৰাৰ ফলত এনেদৰে হেপাটাইটিছ চি আৰু এইছ আই ভি পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে। ইপিনে নিচামুক্তি কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰীসকলে জনোৱা শেহতীয়া তথ্যমতে, জোনাইৰ মহমৰাস্থিত The Healing Home Trust নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ৩০গৰাকী নিচা আসক্ত ৰোগীৰ ভিতৰত দুজনৰ গাত এইছ আই ভি পজিটিভ হোৱাৰ লগতে ২৬ জনৰ গাত হেপাটাইটিছ চি ধৰা পৰিছে।

জোনাই উদয়পুৰস্থিত Healing Recovery Foundation নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ১৫ গৰাকী নিচা আসক্ত ৰোগীৰ ভিতৰত কেন্দ্ৰটোৰ এগৰাকী কৰ্মচাৰীৰ গাত এইছ আই ভি পজিটিভ আৰু এগৰাকী ৰোগীৰ গাত হেপাটাইটিছ চি ধৰা পৰিছে।

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৰ লেকুস্থিত Independent Rehabilitation নামৰ নিচা মুক্তি কেন্দ্ৰত মুঠ ২২গৰাকী নিচা আসক্ত ৰোগীৰ ভিতৰত ছজনৰ গাত এইছ আই ভি পজিটিভ আৰু ১৬ গৰাকীৰ গাত হেপাটাইটিছ চি পোৱা বুলি উল্লেখ কৰিছে।

ঠিক একেদৰে জোনাই নেপালী বস্তিস্থিত এ ইউনিট অফ ইনডিপেডেন্ট নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ৭ গৰাকী নিচা আসক্ত ৰোগীৰ ভিতৰত দুজনৰ গাত এইছ আই ভি পজিটিভ আৰু এজনৰ গাত হেপাটাইটিছ চি ধৰা পৰিছে।

জোনাই নেপালী বস্তিস্থিত বেটাৰ লাইফ ৱেলনেছ নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ২৩ গৰাকী নিচা আসক্ত ৰোগীৰ ভিতৰত ছজনৰ গাত এইছ আই ভি পজিটিভ আৰু ১৯ জনৰ গাত হেপাটাইটিছ চি আৰু ৰতকে গাঁৱস্থিত বৰিছ ৱেলনেছ ট্ৰাষ্ট নামৰ নিচামুক্তি কেন্দ্ৰত থকা মুঠ ৮ গৰাকী নিচা আসক্ত ৰোগীৰ ভিতৰত দুজনৰ গাত এইছ আই ভি পজিটিভ ধৰা পৰিছে।

অৱশ্যে ইয়াৰে ইতিমধ্যে এজনক মুকলি কৰি দিয়া বুলি জানিবলৈ দিছে। এই শেহতীয়া তথ্যমতে জোনাইৰ ছটা নিচামুক্তি কেন্দ্ৰত মুঠ ১০৫ গৰাকী লোকৰ ১৯ গৰাকী অৰ্থাৎ ১৯ শতাংশ এইছ আই ভিত আৰু ৬০ শতাংশ অৰ্থাৎ ৬৩ গৰাকী হেপাটাইটিছ চিত আক্ৰান্ত।

জোনাইত বৃদ্ধি পাইছে হেপাটাইটিছ চি-এইছ আই ভি পজিটিভৰ সংখ্যা...
নচলে এখনো গাড়ী! জানেনে, এই ঠাইৰ নাম কি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in