ডিজিটেল ডেস্ক : পশু জগতৰ আটাইতকৈ জ্ঞানী বুলি বিবেচনা কৰা হয় হস্তীক । জ্ঞানী হোৱাৰ ওপৰিও প্ৰকাণ্ড শৰীৰটোৰ বাবে দৈনিক এক বৃহৎ পৰিমাণৰ খাদ্যৰ প্ৰয়োজন হয় হাতীক । দিনক দিনে বৃদ্ধি হৈ অহা নিৰ্বনীকৰণৰ ফলত হ্ৰাস হৈ আহিছে হাতী সমূহৰ বাসস্থান আৰু খাদ্য সংগ্ৰহৰ উৎস । তেনেস্থলত বন্যহস্তীয়ে খাদ্য বিচাৰি ঘুৰ্মুটিয়াই ফুৰে জনবসতি প্ৰধান অঞ্চলত । এনদৰেই আৰম্ভ হয় বন্যহস্তী-মানুহৰ সংঘাত । সংঘাতৰ ফলস্বৰূপেই বহু সময়ত মানুহৰ মৃত্যু হোৱাৰ ওপৰিও মানুহে পতা ফান্দত পৰি মৃত্যুক সাৱটি লয় বন্যহস্তীয়েও ।
কিন্তু তেনে সময়তেই আন এক হৃদয় বিদাৰক আলোকচিত্ৰই চৰ্চা লাভ কৰিলে ইন্টাৰনেটত । বন্যহস্তীৰ এটা জাকে খাদ্যৰ সন্ধানত প্ৰৱেশ কৰিবলৈ বাধ্য হৈছিল আৱৰ্জনাৰ এখন পাহাৰত । তাতেই কিছু সময় খাদ্য বিচাৰি ফুৰিল দলটোৱে ।
এই দৃশ্য মানৱ সমাজতো সূলভ । যি সময়তেই আকাশচুম্বী অট্টালিকাত এদল পূঁজিপতিয়ে সুৰা-মাংসৰ আশ্ৰয়ত দিন কটাইছে একে সময়তেই পথৰ দাতিত থকা আৱৰ্জনাৰ স্তূপত খাদ্য বিচাৰি ফুৰে শীৰ্ণকায়, কংকাল সদৃশ দুজনমানে ।
মদগৰ্বী আভিজাত্যৰ এই শ্ৰেণী বিভাজনে কাঢ়ি নিছে এওঁলোকৰ মৌলিক অধিকাৰ সমূহো । অনুৰূপ ঘটনা ঘটিল নেকি গজৰাজৰ সৈতেও ? কি পৰিস্থিতিত বিশালকায় শৰীৰৰ বন্যহস্তীৰ এটি দলে খাদ্য বিচাৰিব লগীয়া হ'ব পাৰে আৱৰ্জনাৰ মাজত ? এই পৃথিৱীত কেৱল জীৱশ্ৰেষ্ঠ বুলি নিজকে নিজে সান্তনা দিয়া মানুহৰেই জীয়াই থকাৰ অধিকাৰ আছে নেকি ?
আৰু পঢ়ক : সন্ত্ৰাসে জুৰুলা কৰা আফগানিস্তানৰ শিশু এটিৰ মুখত হাঁহি বিৰিঙালে এগৰাকী গ্ৰাহকে...