বাংলাদেশৰ উচ্চ আয়ুক্তই পৰিদৰ্শন কৰিলে শুৱালকুছিৰ তাঁতশিল্প

বৃহস্পতিবাৰে পুৱাই শুৱালকুছিত উপস্থিত হয় বাংলাদেশৰ উচ্চ আয়ুক্ত মি: এম ৰিয়াজ হামিদুল্লাৰ লগতে বাংলাদেশৰ অতিৰিক্ত উচ্চ আয়ুক্ত ৰুহুল হামিন।

author-image
Asomiya Pratidin
New Update
cxcxcxcx

ডিজিটেল সংবাদ, শুৱালকুছিঃ বৃহস্পতিবাৰে পুৱাই শুৱালকুছিত উপস্থিত হয় বাংলাদেশৰ উচ্চ আয়ুক্ত মি: এম ৰিয়াজ হামিদুল্লাৰ লগতে বাংলাদেশৰ অতিৰিক্ত উচ্চ আয়ুক্ত ৰুহুল হামিন। অসম ভ্ৰমণলৈ অহা উচ্চ আয়ুক্তগৰাকী শুৱালকুছিৰ তাঁতশিল্প পৰিদৰ্শন কৰি অভিভূত হৈ পৰে। শুৱালকুছিৰ তাঁতশিল্পক উচ্চ প্ৰশংসা কৰাৰ লগতে অসম আৰু বাংলাদেশৰ বন্ধুত্ব সম্পৰ্কে উদাহৰণ দাঙি ধৰে উচ্চ আয়ুক্তগৰাকীয়ে।

মহাবাহু বহ্মপুত্ৰই বাংলাদেশ আৰু অসমক একতাৰে বান্ধি ৰাখিছে বুলি উল্লেখ কৰে আয়ুক্ত গৰাকীয়ে। প্ৰথমে উচ্চ আয়ুক্ত গৰাকী উপস্থিত হয় শুৱালকুছি বস্ত্ৰ উদ্যানত, পৰিদৰ্শন কৰে শুৱালকুছি বস্ত্ৰশিল্প মিউজিয়ামৰ। তাৰ পিছতে শুৱালকুছিৰ দুটাকৈ তাঁতশিল্প উদ্যোগ পৰিদৰ্শন কৰে উচ্চ আয়ুক্ত আৰু অতিৰিক্ত উচ্চ আয়ুক্তই । পৰিদৰ্শন কৰা সময়ছোৱাত নিজৰ পত্নীকো ভিডিও কলৰ জৰিয়তে শুৱালকুছিত উৎপাদিত পাট-মুগাৰ বস্ত্ৰ দেখুৱাই। উচ্চ আয়ুক্ত গৰাকীয়ে লগতে পত্নীৰ বাবে মুগাৰ তৈয়াৰি বস্ত্ৰ ক্ৰয় কৰে। শুৱালকুছিত উপস্থিত হোৱা উচ্চ আয়ুক্ত আৰু অতিৰিক্ত উচ্চ আয়ুক্ত দুগৰাকীকে ফুলাম গামোছা আৰু ভূপেন হাজৰিকাৰ সংগীতৰে উষ্ম আদৰণি জনোৱা হয়।

শুৱালকুছি