ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত ধাৰণা লোৱা উদ্দেশ্যে দেওবাৰে গুৱাহাটীত উপস্থিত হয় হিমাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰ সহ ৰাজ্যখনৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ এটা ১৩ জনীয়া দল।
দলটো গুৱাহাটীত উপস্থিত হোৱা পাছতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ বিষয়া সকলে জনতা ভৱনত এখন বৈঠকৰ আয়োজন কৰে। সভা প্ৰথমে হিমাচল প্ৰদেশৰ শিক্ষা বিভাগৰ বিষয়াসকলে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে এক বাখ্যা দাঙি ধৰে।
ইয়াৰ পিছতে অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ শিক্ষা বিভাগত ৰূপায়ণ হৈ থকা শিক্ষাসেঁতু এপ, গুণোৎসৱ, শিক্ষক-শিক্ষয়িত্ৰীৰ অনলাইন বদলীকৰণ, আৰোহণ, সমৰ্থ পোৰ্টেল, টেলী ক্লাছৰূমকে ধৰি চাহ বাগিচা এলেকাত শিক্ষাৰ মান উন্নীতকৰণৰ অৰ্থে নতুন বিদ্যালয় স্থাপন আদি ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে।
Had the pleasure of welcoming a 13-member delegation from the Himachal Pradesh Education Department, led by Shri Rohit Thakur, Hon’ble Education Minister, and Shri Ashis Butail, Hon’ble Chief Parliamentary Secretary. We are sharing our experiences and best practices to enhance… pic.twitter.com/nXWp4KeXMS
— Ranoj Pegu (@ranojpeguassam) July 28, 2024
জানিব পৰা মতে, হিমাচল প্ৰদেশৰ মন্ত্ৰী ৰোহিত ঠাকুৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ব্যৱস্থা সমূহৰ শলাগ লয় । এই এপৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষা বিভাগে পূৰ্বৰ তুলনাত অদৃশ্য ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰি মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্মৰ বাবদ ২০০ কোটি টকা বছৰি ৰাহি কৰা বুলি জানিব পাৰি বিভাগীয় মন্ত্ৰী পেগুক প্ৰশংসা কৰে। লগতে হিমাচল প্ৰদেশ ভ্ৰমণৰ বাবে ৰণোজ পেগুক অনুৰোধ জনায়।
শিক্ষামন্ত্ৰী ৰোহিত ঠাকুৰে উল্লেখ কৰে যে অসম আৰু হিমাচল প্ৰদেশৰ বহুক্ষেত্ৰত মিল আছে। লগতে ঠাকুৰে নতুন শিক্ষানীতিৰ সুপ্ৰয়োগেৰে শিক্ষাক্ষেত্ৰৰ উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসনীয় বুলি উল্লেখ কৰে।
Also Read: মিচিং জাতীয় সংগঠনৰ উদ্যোগত
যুৱ উশৃংখল আৰু মাদক দ্ৰব্য নিবাৰণৰ সজাগতা সভা