খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Published on
Updated on

ডিজিটেল সংবাদঃ বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি উদযাপন কৰা হৈছে ৭৮সংখ্যক স্বাধীনতা দিৱস। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে জিলা সদৰৰ লগতে আন আন ঠাইত গ্ৰহণ কৰা হৈছে পতাকা উত্তোলনৰ কাৰ্যসূচী ৷

খানাপাৰা খেলপথাৰত ৰাইজৰ উপস্থিতিত পুৱা ৯ বজা লগে লগে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। পৰৱৰ্তী সময়ত শৰ্মাই পেৰেডত অংশ লব ৷ এই কাৰ্যসূচীত বিভিন্ন কুচকাৱাজ প্ৰৰ্দশন কৰিব আৰক্ষী,অৰ্ধসামৰিক বাহিনীয়ে ৷

আনহাতে অন্যান্য প্ৰান্তৰ লগতে মহানগৰীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনটো উদযাপন ৭৮ সংখ্যক স্বাধীনতা দিৱস। বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা।

অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি , পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য , বিজেপিৰ যুৱ মৰাৰ সভাপতি ৰাকেশ দাস ৰ লগতে দলীয় নেতা কৰ্মী।

খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in