কাজিৰঙাত নতুনকৈ ৬০০ বেটেলিয়ান নিযুক্তি দিয়া হ'বঃ ড০ হিমন্ত বিশ্ব শৰ্মা

কাজিৰঙাত নতুনকৈ ৬০০ বেটেলিয়ান নিযুক্তি দিয়া হ'বঃ ড০ হিমন্ত বিশ্ব শৰ্মা
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ নিৰাপত্তা, বানপৰিস্থিতিৰ মোকাবিলাৰ প্ৰস্তুতি সন্দৰ্ভত আয়'ৰাত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক৷ শনিবাৰে বিয়লি কাজিৰঙাৰ আয়'ৰা ৰিজৰ্টত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বনবিভাগ আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে একাংশ সতীৰ্থ মন্ত্ৰী সমন্বিতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

বৈঠকত প্ৰধানভাৱে কাজিৰঙাৰ আগন্তুক বানপানী পৰিস্থিতিৰ সৈতে কিদৰে বন বিভাগে মোকাবিলা কৰিব তাৰ খতিয়ান লয়। লগতে উদ্যানত চোৰাং চিকাৰ প্ৰতিৰোধৰ উদ্দেশ্যে ৰণকৌশল প্ৰস্তুত কৰা, কাজিৰঙাৰ সামগ্ৰিক নিৰাপত্তা ব্যৱস্থা আদিৰ সন্দৰ্ভতো বনবিভাগ তথা আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে বিষদভাৱে আলোচনা কৰে।

উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে চোৰাং চিকাৰীয়ে উদ্যানৰ অন্তৰ্ভাগত দুটাকৈ গঁড় হত্যা কৰি কাজিৰঙাৰ সমগ্ৰ নিৰাপত্তা ব্যৱস্থাটোকে লজ্জিত কৰা প্ৰসংগটো লৈ প্ৰকৃতিপ্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে নিজাকৈ কেতবোৰ প্ৰত্যক্ষ উদ্যোগ গ্ৰহণ কৰিছে কাজিৰঙাৰ নিৰাপত্তাৰ সন্দৰ্ভত। তাৰে এক অংশ হিচাপে এই বৈঠক আয়োজিত হোৱা বুলিও জানিব পৰা গৈছে।

ইফালে বৈঠকৰ অন্তত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীজনে কাজিৰঙাত নতুনকৈ ৬০০ বেটেলিয়ান নিযুক্তি দিয়া হ'ব বুলি মন্তব্য কৰে। আনহাতে, কাজিৰঙাত নিৰন্তৰ চলি থকা ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়া ৰোধৰ বাবে এটা বিশেষজ্ঞ দল গঠন কৰা হ'ব বুলিও ঘোষণা কৰে। এই সন্দৰ্ভত বনবিভাগ আৰু জলসম্পদ বিভাগৰ এটা টাস্কফ'ৰ্চৰ দলে গড়াখহনীয়াৰ বিষয়টো পৰ্যালোচনা কৰি ৪৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলিও তেওঁ ব্যক্ত কৰে।

আনহাতে, আগন্তুক বাৰিষাৰ সময়চোৱাত কাজিৰঙাৰ বন্যজন্তুৰ সুৰক্ষাৰ স্বাৰ্থত কাজিৰঙাৰ মাজৰ ৰাষ্ট্ৰীয় ঘাই পথতচোৱাত অধিক নিৰাপত্তা ব্যৱস্থা প্ৰৱৰ্তন কৰাৰো ব্যৱস্থা কৰাৰ কথাও ব্যক্ত কৰে। বাৰিষা কাজিৰঙাৰ নিৰাপত্তা অধিক কটকটীয়া কৰিবৰ নিমিত্তে মেৰাইন ইঞ্জিন চালিত নাৱৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ জৰিয়তে অধিক দক্ষতাৰে বনৰক্ষীসকলে নিৰাপত্তাৰ দিশবোৰ চোৱাচিতা কৰিব পাৰিব।

মুখ্যমন্ত্ৰীজনে লগতে উল্লেখ কৰে যে, কাজিৰঙালৈ বিগত পৰ্যটন বৰ্ষত ৩লাখ ২৭ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ আগমন হোৱাটো অতি শুভলক্ষণ। ভৱিষ্যতে এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এক কোটি গছ পুলি ৰোপন সন্দৰ্ভত তেওঁ কয় যে, এই অমৃত বৃক্ষ আন্দোলনত ৰোপন কৰা ৯০ শতাংশ পুলি জীৱিত আছে। এইবাৰো অমৃত বৃক্ষ আন্দোলনৰ কাম আৰম্ভ কৰা হ'ব। ইয়াৰ লগতে, বন্যপ্ৰাণী পুনৰ সংস্থাপনৰ বাবে এটা চৰকাৰী কেন্দ্ৰ পাণবাৰীত স্থাপন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। কাজিৰঙাৰ কাষেৰে যোৱা পথছোৱা চাৰিলেনযুক্ত,অস্থায়ী বনকৰ্মীৰ স্থায়ীকৰণ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ৷

এই বৈঠকত বিধানসভাৰ উপাধ্যক্ষ ডঃ নোমল মমিন, মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, কেশৱ মহন্ত, চন্দ্ৰমোহন পাটোৱাৰী, বিদ্যাছিং ইংলে, বিশেষ আৰক্ষী বাহিনীৰ ডিজিপি হাৰমিট সিং, পাৰ্থ সাৰথি মহন্ত, মুখ্য বন সংৰক্ষক এম কে যাদব আদি উচ্চ পদস্থ বিষয়াসকলৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সংলগ্ন পাঁচখন জিলা ক্ৰমে গোলাঘাট, নগাঁও, কাৰ্বি আংলং, শোণিতপুৰ আৰু বিশ্বনাথৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে।

কাজিৰঙাত নতুনকৈ ৬০০ বেটেলিয়ান নিযুক্তি দিয়া হ'বঃ ড০ হিমন্ত বিশ্ব শৰ্মা
পূৱ জামুগুৰি নামঘৰত বাৰ্ষিক সেৱা-ভাগৱত পাঠৰ অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in