'জে এম এমে ঝাৰখণ্ডক দৰিদ্ৰতাৰ গ্ৰাসত ৰাখিছে'- হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ শাসকীয় দল ঝাৰখণ্ড মুক্তি মৰ্চা চমুকৈ জে এম এমক পুনৰ এবাৰ তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ড০ শৰ্মাই দাবী কৰিছে হেমন্ত চোৰেন নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনক দৰিদ্ৰৰ শিকলিৰে বান্ধি ৰাখিব বিচাৰিছে। 

author-image
Asomiya Pratidin
New Update
ঝাৰখণ্ড

ডিজিটেল ডেস্কঃ অসমৰ মুখ্যমন্ত্ৰী, ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহ-পৰ্যবেক্ষক হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ শাসকীয় দল ঝাৰখণ্ড মুক্তি মৰ্চা চমুকৈ জে এম এমক পুনৰ এবাৰ তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ড০ শৰ্মাই দাবী কৰিছে হেমন্ত চোৰেন নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনক দৰিদ্ৰৰ শিকলিৰে বান্ধি ৰাখিব বিচাৰিছে। 

শৰ্মাই পুনৰ কয়, বিজেপিয়ে নিৰ্বাচনী ঘোষণা পত্ৰ খৰখেদাকৈ প্ৰস্তুত কৰা নাই। ৰাজ্যখনৰ জনসাধাৰণৰ সৈতে আলোচনা কৰাৰ অন্ততহে এই নিৰ্বাচনী ঘোষণা পত্ৰ বা ইস্তাহাৰখন প্ৰকাশ কৰা হৈছে। তেওঁ কয়, ঝাৰখণ্ডত কোনো অৰ্থনৈতিক সংকটৰ সৃষ্টি নহয় কাৰণ ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ।

সংবাদ মাধ্যমৰ আগত ড০ শৰ্মাই কয়, আমাৰ নিৰ্বাচনী ইস্তাহাৰ খৰখেদাকৈ প্ৰস্তুত কৰা নাই। ৪/৫ মাহ ধৰি ঝাৰখণ্ডৰ জনসাধাৰণৰ সৈতে আলোচনা কৰি তেওঁলোকৰ পৰামৰ্শৰ ভিত্তিত আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ শাসনৰ মডেল অধ্যয়ন কৰিহে প্ৰস্তুত কৰা হৈছে। ঝাৰখণ্ড কোনো অৰ্থনৈতিক সমস্যাৰ সন্মুখীন নহয়। এই ৰাজ্যখন প্ৰাকৃতিক সম্পদেৰে অতি চহকী। কিন্তু জে এম এমে ৰাজ্যবাসীক দৰিদ্ৰতাৰ গ্ৰাসত ৰাখিব বিচাৰিছে। আমি বিশ্বাস কৰো এই ৰাজ্যখন দেশৰ সকলোতকৈ সমৃদ্ধশালী ৰাজ্য হিচাপে পৰিগণিত হব।

উল্লেখ্য যে, বুধবাৰে ঝাৰখণ্ডৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিছে। প্ৰথম পৰ্যায়ত ৪৩ টা সমষ্টিত মুঠ ৬৪.৮৬ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ২০১৯ চনত ৰাজ্যখনত ভোটদানৰ হাৰ আছিল ৬৩.৯ শতাংশ। তাৰ তুলনাত এইবাৰ ভোটধিকাৰ সাব্যস্তৰ সংখ্যা বৃদ্ধি পাইছে।

নিৰ্বাচন আয়োগৰ মতে ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত উৎসৱমুখৰ পৰিবেশৰ সূচনা হৈছে। বিভিন্ন শ্ৰেণীৰ ভোটাৰ, প্ৰথম ভোটাৰ, বৃদ্ধ, মহিলা, শাৰীৰিক প্ৰতিবন্ধী, আদিবাসী জনতা সকলো অতি উৎসাহেৰে আহি ভোটকেন্দ্ৰত উপস্থিত হৈছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰিছে।

ৰাজ্যখনৰ অৱশিষ্ট ৩৮ টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হব অহা ২০ নৱেম্বৰত। ভোটৰ ফলাফল ঘোষণা হব ২৩ নৱেম্বৰত।

ড০ হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ড হেমন্ত চোৰেন