ৰাজ্যৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সুখবৰ, শিক্ষকৰ দৰে লাভ কৰিব পাৰস্পৰিক বুজাবুজিৰ বদলিৰ সুবিধা...

ৰাজ্যৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সুখবৰ, শিক্ষকৰ দৰে লাভ কৰিব পাৰস্পৰিক বুজাবুজিৰ বদলিৰ সুবিধা...
Published on
Updated on

ডিজিটেল ডেস্কঃ শিক্ষকসকলৰ দৰে ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও পাৰস্পৰিক বুজাবুজিৰ বদলিৰ সুবিধা লাভ কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এক সংবাদমেলযোগে এই কথা সদৰি কৰে। এই সন্দৰ্ভত অচিৰেই ৰাজ্য চৰকাৰে এক নীতি-নিৰ্দেশনা জাৰি কৰিব।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- মই শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত শিক্ষকসকলৰ বাবে গৃহজিলালৈ বদলিৰ সুবিধা হোৱাকৈ এই নিয়ম প্ৰৱৰ্তন কৰা হৈছিল। অনুৰূপ নিয়মেই ৰাজ্যৰ আন বিভাগত নিয়োজিত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বৰ্গৰ কৰ্মচাৰীৰ বাবেও কৰাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰিছে।

এখন প পত্ৰত পাৰস্পৰিক বুজাবুজিৰে গৃহজিলালৈ বা ঘৰৰ সমীপৰ কোনো স্থানলৈ বদলি হব খোজা দুয়োগৰাকী কৰ্মচাৰীয়ে স্বাক্ষৰ কৰি দিলেই তেওঁলোকে বদলিৰ নিৰ্দেশ লাভ কৰিব। ইয়াৰ জৰিয়তে ৰাজ্যৰ কেইবা লক্ষাধিক কৰ্মচাৰী উপকৃত হব বুলিও তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

ইফালে নিযুক্তিৰ ক্ষেত্ৰত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে যাতে নিযুক্তি লাভ কৰিব নোৱাৰে তাৰ বাবেও চৰকাৰে এক নতুন চিন্তা কৰিছে। অসমত কোনসকল প্ৰাৰ্থী নিযুক্তিৰ বাবে যোগ্য, সেই সন্দৰ্ভত এক বিশেষ নিৰ্দেশনা জাৰি কৰিব চৰকাৰে। ইয়াৰ ফলত, বিভিন্ন সময়ত উত্থাপন হোৱা বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিৰ অভিযোগো উত্থাপন নহব বুলিও তেওঁ জানিবলৈ দিয়ে।

ৰাজ্য চৰকাৰে অক্টোবৰ-নৱেম্বৰৰ ভিতৰত এক লাখ নিযুক্তি সম্পূৰ্ণ কৰি ২০২৫ৰ মে’ৰ ভিতৰত নতুনকৈ আৰু ৫০হাজাৰ নিযুক্তি দিয়াৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in