মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সলনি কৰিলে সামাজিক মাধ্যমৰ বায়'...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সলনি কৰিলে সামাজিক মাধ্যমৰ বায়'...

Published on

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত সলনি কৰিলে নিজৰ বায়'। সামাজিক মাধ্যম টুইটাৰ আৰু ফেচবুকত পূৰ্বৰ "Chief Minister of Assam" পৰিচয়ৰ সলনি কৰি "Chief Minister of Assam, BHARAT" বুলি লিখিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

দেশৰ ৰাজনীতিত শেহতীয়াকৈ চৰ্চা চলিছে এক বিষয়ৰ। দেশৰ ২৬ টা বিৰোধী ৰাজনৈতিক দলে বিজেপিক পৰাভূত কৰিবলৈ গঠন কৰিছে বিৰোধী মৰ্চা। যাৰ নাম ৰাখিছে "ইণ্ডিয়া(INDIA)"। বেংগালুৰত কংগ্ৰেছৰ নেতৃত্বত আয়োজিত হোৱা বিৰোধী দলৰ বৈঠকত বিজেপিক পৰাস্ত কৰিবলৈ একেলগে আগবঢ়াৰ সিদ্ধান্ত লৈ এই মঞ্চ গঠন কৰাৰ পাছতেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

আৰু তাৰ পাছতেই সামাজিক মাধ্যমতো নিজৰ বায়' সলনি কৰি "BHARAT" শব্দৰ সংযোজন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিৰোধীক প্ৰত্যুতৰ দিয়াৰ বাবেই সামাজিক মাধ্যমত এই সাল-সলনি কৰা বুলি মত একাংশৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সলনি কৰিলে সামাজিক মাধ্যমৰ বায়'...
আজিৰে পৰা তিনিদিনীয়াকৈ কলাক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in