ডিজিটেল সংবাদ, নামৰূপঃ হিন্দী দিৱস উপলক্ষে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ চৰকাৰী ভাষা বিভাগে ২০২১-২২ বৰ্ষৰ বাবে হিন্দী ভাষাত উৎকৃষ্ট ৰূপায়ণ কৰা দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহক পুৰস্কৃত কৰিছে।
বুধবাৰে গুজৰাট চুৰটৰ পণ্ডিত দীনদয়াল উপাধ্যায় ইনড’ৰ ষ্টেডিয়ামত আয়োজিত এক আৰম্বড়পূৰ্ণ অনুষ্ঠানত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰে বি ভি এফ চি এল আৰু এইচ আই এল দুয়োটা উদ্যোগৰ শীৰ্ষ দায়িত্বত থকা অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডঃ শিৱ প্ৰসাদ মহান্তিয়ে।
হিন্দী ভাষাক উৎকৃষ্ট ৰূপায়ণ কৰাৰ বাবে প্ৰথম শ্ৰেণীৰ হিল (ইণ্ডিয়া) লিমিটেডে ২০২১-২২ বৰ্ষৰ কীৰ্তি পুৰস্কাৰ লাভ কৰে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ জুন মাহত বি ভি এফ চি এলে ভাৰত চৰকাৰৰ ৰাসায়নিক সাৰ মন্ত্ৰণালয়ৰ সন্মানীয় শ্ৰেষ্ঠ ৰাজ ভাষা বঁটা লাভ কৰিছিল।